INDIA-S.AFRICA CRICKET TEAM ARRIVES IN GUWAHATI : বিয়লি ৪-১৫ বজাত গুৱাহাটীত উপস্থিত ভাৰত – দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দল

WhatsApp Image 2022 09 29 at 16.57.29

INDIA-S.AFRICA CRICKET TEAM ARRIVES IN GUWAHATI : বহু দিনৰ বিৰতিৰ পিছত ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট খেলৰ বাবে আজি বিয়লি ৪-১৫ বজাত গুৱাহাটীত আহি উপস্থিত হয় ভাৰত-দক্ষিণ আফ্ৰিকা দলৰ ক্ৰিকেট খেলুৱৈসকল ।

জানিব পৰা মতে , দুয়োটা দলেই বিশেষ বিমানযোগে পৃথকে পৃথকে আহি বৰঝাৰ বিমানকোঠত অৱতৰণ কৰে । উল্লেখযোগ্য যে , গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই আন্ত:জাৰ্তিক খেলখনত মুখ্য অতিথি ৰূপে অংশ ল ‘ব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ তথা বি চি চি আইৰ সম্পাদক জয় শ্বাহ । ইফালে দল দুটা বৰঝাৰ বিমানকোঠত উপস্থিত হোৱাৰ পিছতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত পোনে পোনে ৰেডিছন ব্লুলৈ লৈ যোৱা হয় ।

Exit mobile version