NORTH GUWAHATI BOOK RELEASE : ভাষা, সাহিত্য, সংস্কৃতিৰ তথা বৌদ্ধিক স্পন্দন “কলম”ৰ চতুৰ্থ বৰ্ষৰ চতুৰ্থ সংখ্যাৰ শুভ উন্মোচন

WhatsApp Image 2022 09 29 at 14.25.51

NORTH GUWAHATI BOOK RELEASE : ভাষা, সাহিত্য, সংস্কৃতিৰ তথা বৌদ্ধিক স্পন্দন “কলম”ৰ চতুৰ্থ বৰ্ষৰ চতুৰ্থ সংখ্যাৰ শুভ উন্মোচন। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত প্ৰকাশ হৈ আহিছে এই “কলম” শীৰ্ষক বৌদ্ধিক আলোড়নৰ আলোচনী খন।  উত্তৰ গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ সভা গৃহত উন্মোচন কৰা হয় এই আলোচনীখনৰ ।  বিশিষ্ট শিক্ষাবিদ, জিজ্ঞাস শিক্ষা আলোচনীৰ সম্পাদক ভূপেশ চৌধুৰীয়ে উন্মোচন কৰে  এই বছৰৰ চতুৰ্থ সংখ্যাটি ।

 উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ঈশাংকুৰ শইকীয়া, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক তাৰিনী কান্ত হালৈ, কামৰূপ জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা বিষয়া ৰাজীৱ দত্ত চৌধুৰী, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধি, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য উৎপল তালুকদাৰ, শিক্ষানুষ্ঠান খনৰ পৰিচালনা সমিতিৰ উপ-সভাপতি কুলেন বড়ো,সম্পাদক মুকুতেশ্বৰ গোস্বামী, আৰু প্ৰাগনিউজৰ দ্বাৰা আয়োজিত ভুপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা কৃতিকানাথ। লগতে উপস্থিত আছিল সম্পাদনা সমিতিৰ হৈ জেষ্ঠ সাংবাদিক দিগন্ত বৰদলৈ, ৰূপক ডেকাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিদ্যালয় খনৰ আচাৰ্যা সহ ছাত্ৰ-ছাত্ৰী সকল।

Exit mobile version