জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ এনকাউণ্টাৰত নিহত দুই জে ই এম ৰ সন্ত্ৰাসবাদী

indian army kashmir 1500110255

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনী আৰু কশ্মীৰ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা । শুকুৰবাৰে পুৱা জম্মু-কাশ্মীৰৰ বাৰামুল্লাত সংঘটিত হোৱা এক এনকাউণ্টাৰত দুই জে ই এম ৰ সদস্য নিহত হয় ।

কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়া মতে, বাৰামুল্লাৰ পাট্টন অঞ্চলত জে ইএম সন্ত্ৰাসবাদীৰ এটা দল আত্মগোপন কৰি থকাৰ খবৰ পাই নিৰাপত্তা বাহিনী আৰু কশ্মীৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে ।

অভিযানৰ মাজতেই সন্ত্ৰাসবাদীৰ দলটোৱে নিৰাপত্তা বাহিনীৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰাত প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীৰ দলটোৱে কৰা গুলীচালনাত জে ই এম ৰ এই দুই দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হয় ।

Exit mobile version