Taliban regime : আফগানিস্তানত শান্তি ৰক্ষাত সম্পূৰ্ণ ব্যর্থ নেকি তালিবান ? তেওঁলোকৰ কর্তৃত্ব পৃথক হৈছে নেকি ?

1664594032 taliban

বিগত বছৰৰ ২৬ আগষ‌ট । মাত্র ১১ দিন পূৰ্বে আফগানিস্তানত নতুনকৈ ক্ষমতা দখল কৰিছে তালিবান বাহিনীয়ে । আমেৰিকান সেনা সম্পূৰ্ণভাৱে আফগানিস্তান এৰি যোৱাৰ পূৰ্বে দেশ এৰাৰ হেতা-উপৰা লাগিছিল জনসাধাৰণৰ মাজত । হঠাৎ আত্মঘাতী বিস্ফোৰণত ক‍ঁপি উঠিছিল কাবুলৰ হামিদ কাৰজাই আন্তর্জাতিক বিমানবন্দৰ । আমেৰিকান সেনাসহ সেই আক্ৰমণত মৃত্যু হৈছিল প্ৰায় ১৮২ জনৰ । যিসকলৰ ভিতৰত অধিকাংশ‌ই আছিল আফগান নাগৰিক । তাৰ পাছৰ পৰা ধাৰাবাহিকভাৱে এটাৰ পাছত এটা আক্ৰমণত ৰক্তাক্ত হয়েছে আফগানিস্তানের মাটি। বিশেষ করে নিশানা কৰা হৈছে ছিয়া মছজিদসমূহ । ফলত নিৰীহ আফগান নাগৰিকসকলে প্রাণ হেৰুৱাইছে ।

অধিকাংশ ক্ষেত্রতেই অভিযোগৰ লক্ষ্য ইছলামিক ষ্টেটৰ খোৰাছন (আইএছ-কে) শাখাৰ দিশে । শাসক তালিবানে মুখত বাৰে বাৰে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্রণত থকাৰ কথা ক’লেও শাসনৰ দ্বিতীয় পৰ্যায়ত সমগ্ৰ দেশত তেওঁলোক শান্তি ৰক্ষাত সম্পূৰ্ণ ব্যর্থ হৈছে নেকি ? লাহে লাহে তেওঁলোকৰ কর্তৃত্ব পৃথক হৈছে নেকি ? এই প্রশ্ন আকৌ উত্থাপন হৈছে কাবুলৰ শিক্ষা প্রতিষ্ঠানত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ।

আফগান ৰাজধানীত ‘কাজ এডুকেছন চেন্টাৰ’ নামে এখন শিক্ষা প্রতিষ্ঠানত আত্মঘাতী আক্ৰমণত মৃত্যু হৈছে প্ৰায় ১৯ জন ছাত্র-ছাত্রীৰ । তালিবান চৰকাৰে নিহতৰ সংখ্যা ১৯ বুলি দাবী কৰিলেও প্ৰকৃত সংখ্যা শতাধিক বুলি দাবী কৰিছে এজন সাংবাদিকে । বিস্ফোৰণৰ সময়ত এই শিক্ষা প্রতিষ্ঠানত প্রচুৰ ছাত্র-ছাত্রী পৰীক্ষা দি আছিল । ফলত নিহতৰ সংখ্যা বাঢ়িব বুলি শংকা । শিক্ষা প্রতিষ্ঠানত এই আক্ৰমণৰ পাছতেই ক্ষোভিত হৈছে সমগ্ৰ বিশ্ব । বহু দেশেই সামাজিক মাধ্যমত এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে । তালিকাত আছে ইৰান, নৰৱে, আমেৰিকাৰ দৰে দেশ ।

আফগান চৰকাৰৰ তৰফৰ পৰাও এই আক্ৰমণক তীব্ৰ সমালোচনা কৰা হৈছে । তালিবান চৰকাৰৰ মুখপাত্র জবিউল্লা মুজাহিদে টুইটাৰত এই আক্ৰমণক ‘ভয়ানক’ বুলি উল্লেখ কৰিছে । ‘হাই কাউন্সিল ফৰ নেছনেল ৰিকনচিলিয়েছন’-ৰ প্রাক্তন প্ৰধান আব্দুল্লাই কয়, ‘‘এই আক্ৰমণৰ বাবে যিসকল দায়ী, তেওঁলোক প্ৰকৃততে দেশত শান্তি আৰু উন্নয়নৰ বিৰোধী ।’’

আমেৰিকান ‘চার্জ দ্য’ফেয়াৰ্ছ’ কেৰেন ডেকাৰে টুইটাৰত লিখিছে, ‘‘আমেৰিকাই আজিৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে । এইদৰে ছাত্র-ছাত্রী ভর্তি এখন গৃহক সন্ত্ৰাসবাদী আক্ৰমণৰ লক্ষ্য কৰা লজ্জাজনক ঘটনা । সকলো শিক্ষাৰ্থীৰে শান্তিত পঢ়া-শুনা কৰাৰ অধিকাৰ আছে ।’’

ছাউথ এছিয়ান টেৰ’ৰিজম প’র্টেল বা এছএটিপি-ৰ পৰিসংখ্যা অনুযায়ী, কেৱল চলিত বছৰতেই আফগানিস্তান জুৰি ২০৭টা সন্ত্রাসবাদী আক্ৰমণ হৈছে । য’ত মৃত্যু হৈছে কমেও ডেৰশজনৰ ।

Exit mobile version