Jammu and Kashmir : জম্মু আৰু কাশ্মীৰত গুলী সংঘৰ্ষ, নিহত তিনি জইছ সন্ত্ৰাসবাদী, এক লস্কৰ-ই-তইবা সদস্য

1664946744 encounter

উপত্যকাত সন্ত্ৰাসবাদী দমনত সাফল্য লাভ নিৰাপত্তা বাহিনীয়ে । বুধবাৰে জম্মু আৰু কাশ্মীৰত নিৰাপত্তা বাহিনীৰ স’তে গুলীয়াগুলীত চাৰি সন্ত্ৰাসবাদী নিহত হৈছে ।

আৰক্ষী সূত্রে খবৰ, নিহত চাৰি সন্ত্ৰাসবাদীৰ ভিতৰত তিনিজন জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী দলৰ । এজন সন্ত্ৰাসবাদী লস্কৰ-ই-তইবাৰ সদস্য । ছোপিয়ানৰ দ্রাস অঞ্চলত গুলীয়াগুলীত তিনি জইছ সন্ত্ৰাসবাদী নিহত হৈছে । তেওঁলোকৰ ভিতৰত দুজনক চিহ্নিত কৰিছে আৰক্ষীয়ে ।

এজনৰ নাম হানান বিন ইয়াকুব । আনজন সন্ত্ৰাসবাদীৰ নাম জামছেদ । সম্প্রতি পুলৱামাত এজন আৰক্ষী বিষয়া আৰু এজন শ্রমিকৰ হত্যাকাণ্ডত এই সন্ত্ৰাসবাদীদ্বয় জড়িত অছিল বুলি জনাইছে আৰক্ষীয়ে ।

গোপন সূত্রে খবৰ পাইছিল যে অঞ্চলত সন্ত্ৰাসবাদী আছে, এই তথ্য পায়ে নিশা ছোপিয়ানৰ দ্রাস আৰু মোলু অঞ্চলত তালাচী অভিযান চলায় নিৰাপত্তা বাহিনীয়ে । সেই সময়তেই গুলী সংঘৰ্ষ হয় । বুধবাৰে পুৱা এই প্রতিবেদন লিখা পর্যন্ত মোলু অঞ্চলত গুলীয়াগুলী অব্যাহত আছে । সমগ্ৰ অঞ্চল আৱৰি ৰখা হৈছে ।

Exit mobile version