Air pollution : বায়ুদূষণত বিপন্ন মাতৃগর্ভৰ ভ্রূণ, ক্ষতিগ্রস্ত হৈছে হাওঁফাওঁ, মস্তিষ্ক, যকৃৎ ! গৱেষণাত প্ৰকাশ

WhatsApp Image 2022 10 06 at 17.41.38

যিমানে বায়ুদূষণ বাঢ়িছে, সিমানে কমিছে গর্ভস্থ শিশুৰ মস্তিষ্কৰ বিকাশ । গুৰুতৰ ক্ষতি হৈছে হাওঁফাওঁ আৰু যকৃতৰ । চহৰ অঞ্চলৰ প্ৰদূষিত পৰিৱেশত মাতৃৰ গৰ্ভত বাঢ়ি অহা শৈশৱৰ ‘ভৱিষ্যৎ’ক লৈ এইবাৰ এই শংকাৰ কথা দাঙি ধৰা হৈছে এটা গৱেষণাপত্রত ।

বেলজিয়ামৰ হেছেল্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক টিম নওৰোট আৰু তেওঁৰ সহকাৰীসকলৰ এই গৱেষণাৰ ফল প্রকাশিত হৈছে ব্রিটেইনৰ সংবাদপত্র ‘দ্য গার্ডিয়ান’ত । কোৱা হৈছে, প্ৰদূষণৰ কবলত থকা অঞ্চলসমূহত ভ্রূণৰ মস্তিষ্ক, হাওঁফাওঁ আৰু যকৃতত প্ৰদূষিত কণাৰ উপস্থিতি পোৱা গৈছে ।

২০১৮ত লণ্ডনৰ কুইন মেৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক জোনাথন গ্রিগ আৰু তেওঁৰ সহকর্মীসকলে প্রথমে চহৰ অঞ্চলত মানৱভ্রূণত বায়ুবাহিত প্ৰদূষিত কণাৰ উপস্থিতিৰ কথা জনাইছিল । হেছেল্ট বিশ্ববিদ্যালয়ৰ গৱেষক দল স্কটলেণ্ড আৰু বেলজিয়ামৰ তুলনামূলক কম প্ৰদূষণপ্রৱণ চহৰ অঞ্চলত ধূম্ৰপান নকৰা প্রসূতিৰ শৰীৰত পৰীক্ষা কৰি ভ্রূণত উদ্বেগজনক হাৰত কার্বনসহ নানা প্ৰদূষণকণাৰ উপস্থিতি পাইছে । প্ৰদূষণপ্রৱণ অঞ্চলত এই পৰীক্ষাৰ ফল আৰু ভয়াৱহ হ’ব পাৰে বলি তেওঁলোকৰ শংকা ।

উন্নয়নৰ ‘সৌজন্য’ত চহৰৰ পৰা উধাও হৈছে সেউজ অৰণ্য । বাঢ়িছে কলকাৰখানা আৰু যানবাহনৰ সংখ্যা । ফলত বায়ুদূষণো বাঢ়িছে । এনে পৰিস্থিতিত শ্বাসকষ্টজনিত ৰোগত আক্রান্ত শিশু-কিশোৰৰ সংখ্যা বৃদ্ধিও উদ্বেগজনক ।

চহৰ অঞ্চলত ক্রনিক অৱষ্ট্ৰাকটিভ পালমোনাৰি ডিজিজ (চিঅ’পিডি) আক্রান্তৰ ভিতৰত শিশুৰ হাৰৰ উদ্বেগজনক বৃদ্ধিৰ কথা কিছুদিন পূৰ্বেই এটা আন্তর্জাতিক গৱেষণা প্ৰতিবেদনত কোৱা হৈছিল । এইবাৰ জানিব গ’ল যে, প্ৰদূষণৰ পৰা ৰেহাই পোৱা নাই গর্ভস্থ শিশুও ।

Exit mobile version