THAILAND MASS SHOOTING : থাইলেণ্ডত লোমহৰ্ষক ঘটনা , প্ৰাক্তন আৰক্ষী বিষয়াৰ নিৰ্বিচাৰ গুলীচালনা

৩২ জনক হত্যা কৰি পিছত নিজৰ মূৰত গুলীয়াই আত্মহত্যা

WhatsApp Image 2022 10 06 at 16.29.27

THAILAND MASS SHOOTING : এজন থাই আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে জানিব পৰা মতে, বৃহস্পতিবাৰে থাইলেণ্ডৰ উত্তৰ-পূব প্ৰদেশৰ নংগ বুআ লাম্ফুৰ এটা শিশু ওমলা কেন্দ্ৰত এজন বন্দুকধাৰীয়ে অনাধিকাৰ প্ৰৱেশ কৰি নিৰ্বিচাৰ গুলীচালনা কৰে৷ ইয়াৰ ফলত ২২ টা শিশুসহ কমেও ৩৪ জন লোক থিতাতে নিহত হয়। বন্দুকধাৰীজন এজন প্ৰাক্তন আৰক্ষী বিষয়া আছিল বুলি নিশ্চিত কৰে আৰক্ষীয়ে৷আনহাতে প্ৰাক্তন আৰক্ষীয়ে নিজৰ পত্নী- সন্তানকো ৰেহাই নিদিলে৷নিজ পত্নী- পুতক গুলীয়াই হত্যা কৰাৰ পিছত নিজেও মূৰত গুলীয়াই আত্মহত্যা কৰে ৷খবৰ অনুসৰি তেওঁক যোৱা যোৱা বছৰ আৰক্ষী

বাহিনীৰ পৰা অব্যাহতি দিয়া হৈছিল । গুলীচালনাত ভুক্তভোগীসকলৰ ভিতৰত ২ বছৰৰ কম বয়সৰ শিশুও আছিল। ৩৪ জন হতাহতৰ উপৰিও কমেও ১২ জন লোক আহত হৈছিল । থাইলেণ্ডস্থিত  কাকত ‘বেংকক পোষ্ট’ৰ এক প্ৰতিবেদনত বন্দুকধাৰীজনক প্ৰাক্তন পোল চিপিএল পানিয়া খামৰাব বুলি চিনাক্ত কৰা হৈছিল আৰু কোৱা হৈছিল যে তেওঁ কেন্দ্ৰৰ ভিতৰলৈ যাবলৈ জোৰ কৰি গুলীচালনা কৰাৰ সময়ত বন্দুক আৰু চুৰি লৈ গৈছিল। সন্দেহযুক্ত বন্দুকধাৰীজনক (ভূতপূৰ্ব আৰক্ষী বিষয়া) ড্ৰাগছ সম্পৰ্কীয় গোচৰ এটাত চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল বুলি আৰক্ষীৰ উদ্ধৃতিৰে ৰয়টাৰৰ এক প্ৰতিবেদনত কোৱা হৈছে।

উল্লেখ্য যে ওমলা গৃহটিত প্ৰায় ৩০ টা শিশু আছিল৷ বন্দুকধাৰীজন শিশুসকলৰ মধ্যাহ্নভোজনৰ সময়ত আহিছিল। এজন জ্যেষ্ঠ থাই আৰক্ষীৰ জিলা বিষয়া জিদাপা বুনচোমে ঘটনাৰ সন্দৰ্ভত কয় যে, বন্দুকধাৰী প্ৰাক্তন আৰক্ষী বিষয়া জনে ওমলা কেন্দ্ৰটিত প্ৰৱেশ কৰি প্ৰথমে চাৰি বা পাঁচজন কৰ্মচাৰীক গুলীয়াইছিল ৷যাৰ ভিতৰত আছিল আঠ মাহৰ গৰ্ভৱতী এগৰাকী শিক্ষয়িত্ৰী।তেওঁ লগতে কয়, “প্ৰথমতে মানুহে ভাবিছিল যে এইয়া আতচবাজী আছিল।”
ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ভিডিঅ’বোৰত উত্তৰ-পূবৰ নং বুআ লাম্ফু প্ৰদেশৰ উথাই চাৱান চহৰৰ কেন্দ্ৰত তেজৰ পুখুৰীত পৰি থকা শিশুৰ মৃতদেহ বোৰ কভাৰ কৰা চাদৰ বোৰ দেখুওৱা হৈছে ৷

উল্লেখযোগ্য যে থাইলেণ্ডত বন্দুকৰ মালিকীস্বত্বৰ হাৰ অঞ্চলটোৰ আন কিছুমান দেশৰ তুলনাত অধিক কিন্তু চৰকাৰী পৰিসংখ্যাত বৃহৎ সংখ্যক অবৈধ অস্ত্ৰ অন্তৰ্ভুক্ত নহয়৷ যাৰ বহুতো বিগত বছৰবোৰত সংঘৰ্ষগ্ৰস্ত চুবুৰীয়াৰ পৰা সুৰক্ষিত সীমাৰেৰে অনা হৈছে।

Exit mobile version