DENGUE IN ASSAM : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক !

WhatsApp Image 2022 10 07 at 20.56.48

DENGUE IN ASSAM : ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ পিছত এইবাৰ ভুতৰ ওপৰত দানহ পৰা দৰে ডেংগুৰ প্ৰাদুৰ্ভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে স্বাস্থ্য বিভাগ ৷বিভাগটোৱে অসমৰ কেইবাখনো জিলা বিশেষকৈ কামৰূপ মহানগৰ জিলাত ডেংগুৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ যোৱা কেই সপ্তাহমানত বৃহত্তম জিলাখনত ডেংগুৰ প্ৰাদুৰ্ভাৱ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

স্বাস্থ্য বিভাগৰ সূত্ৰে আানিব পৰা মতে, চলিত বৰ্ষৰ জানুৱাৰী পৰা ৬ অক্টোবৰলৈ ৰাজ্যত প্ৰায় ৮৭ জন ডেংগু ৰোগী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ডেংগু জ্বৰৰ ২৭ টা ঘটনা নথিভুক্ত কৰা হৈছে৷ যি আন জিলাৰ তুলনাত সৰ্বাধিক। কামৰূপৰ মহানগৰৰ পিছত শোণিতপুৰ আৰু ডিব্ৰুগড় জিলাই ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় সৰ্বাধিক সংখ্যক ডেংগু ৰোগী নথিভুক্ত হৈছে ৷

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে এক প্ৰতিবেদনত উল্লেখ কৰিছে যে শোনিতপুৰ জিলাত ডেংগুৰ প্ৰায় ১৩ টা ঘটনা নথিভুক্ত কৰাৰ বিপৰীতে ডিব্ৰুগড়ত ৯ জন ৰোগী ধৰা পৰিছে। লক্ষণীয়ভাৱে যোৱা সপ্তাহত, ডিব্ৰুগড়ত ৫ , গোৱালপাৰাত ২ টা, তিনিচুকীয়া, বাক্সা, লখিমপুৰ আৰু নলবাৰীত এটাকৈ কেচৰ সৈতে ৫ জন নতুন ডেংগু ৰোগী ধৰা পৰিছিল।অৱশ্যে এতিয়ালৈকে ডেংগু জ্বৰৰ ফলত কোনো মৃত্যুৰ ঘটনা নথিভুক্ত হোৱা নাই বুলি জনায় এনএইচএমৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়া এগৰাকীয়ে ৷

তেওঁ এই সন্দৰ্ভত কয়, “যিহেতু কামৰূপ মহানগৰ জিলাত সৰ্বাধিক সংখ্যক ডেংগু ৰোগী নথিভুক্ত কৰা হৈছে ৷আমি আমাৰ সকলো স্বাস্থ্য বিষয়াক অগ্ৰাধিকাৰৰ ভিত্তিত ভেক্টৰ-বাহিত ৰোগৰ বিস্তাৰ পৰীক্ষা কৰিবলৈ সতৰ্ক কৰিছো। তেওঁলোকক অতিৰিক্ত সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও কোৱা হৈছে। এইটোও জানিব পৰা গৈছে যে এই বিম ৰোগটো মুখ্যতঃ গুৱাহাটীৰ মহানগৰতে সীমাবদ্ধ।

আনহাতে ৰোগৰ লক্ষণ সম্পৰ্কত কয়,”এই ৰোগত আক্ৰান্ত ৰোগীৰ তীব্ৰ জ্বৰ, মুৰৰ বিষ, ভোক নোহোৱা, বমি, গাঁঠি আৰু পেশীৰ বিষ আদিৰ লক্ষণ দেখা দিয়ে। সেয়েহে ৰোগ নিৰ্ণয়ৰ সময়ত আমি পুনেৰ পৰা ভাৰত চৰকাৰে প্ৰদান কৰা আইজিএম এণ্টিবডী টেষ্ট কিটৰ জৰিয়তে জ্বৰৰ প্ৰকৃত কাৰণ চিনাক্ত কৰিবলৈ চেষ্টা কৰোঁ”।
উল্লেখ কৰিব পাৰি যে গুৰুতৰ প্ৰকাৰৰ ডেংগু জ্বৰ থকা ৰোগী, যাক ডেংগু হেমৰেজিক জ্বৰ বুলিও কোৱা হয়, গুৰুতৰ ৰক্তক্ষৰণ, হঠাতে ৰক্তচাপ হ্ৰাস (শ্বক) আৰু মৃত্যু হ’ব পাৰে। অৱশ্যে অসমত এনে ধৰণৰ কোনো ঘটনা হোৱা নাই ৷

এনএইচএমে গুৱাহাটীৰ নাগৰিকসকলক তেওঁলোকৰ ঘৰ বা অঞ্চলত ডেংগুৰ লক্ষণৰ কোনো ঘটনা থাকিলে তাৎক্ষণিকভাৱে চিকিৎসালয় বা নাৰ্চিং হোমসমূহক অৱগত কৰিবলৈ আহ্বান জনায়। “যদি কোনোবাই ডেংগুত ভুগি আছে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন ৷

Exit mobile version