BODO LANGUAGE DRAMA TROUPE SANAMAINAU THEATRE GROUP : বড়ো ভাষাৰ নাট্য দল সনামাইনাও নাট্য গোষ্ঠীৰ নাট প্ৰদৰ্শনৰ শুভাৰম্ভনী

IMG 20221008 WA0024

BODO LANGUAGE DRAMA TROUPE SANAMAINAU THEATRE GROUP : বাগচা জিলাৰ বৰমাত কেইজনমান নাট্যনুৰাগী সংস্কৃতি প্ৰেমী যুবকৰ প্ৰচেষ্টাত জন্ম লাভ কৰা একমাত্ৰ বড়ো ভাষাৰ নাট্যগোষ্ঠী – সনামাইনাও নাইজাব আফাড , নাট্য গোষ্ঠীৰ আজিৰে পৰা দৰ্শকৰ মাজত নাট প্ৰদৰ্শনৰ শুভাৰম্ভ কৰা হয় । বৰমা আবছুৰ কাৰ্যালয়ৰ চৌহদৰ মুকলি মঞ্চত উক্ত নাট্য গোষ্ঠীৰ শুভৰাম্ভনী অনুষ্ঠানত উপস্হিত থাকে বিটিআৰ পৰিষদৰ কায্যবাহী সদস্য তথা মুছলপুৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰাকেশ ব্ৰহ্মই ৷

৷ নাটকৰ শুভাৰম্ভ কৰি দিয়া ভাষণত তেওঁ কয় যে বিগত দিনবোৰত অসমৰ ৰাইজে ভালদৰে নাটক, চিনেমা চাব পৰা নাছিল, হত্যা – হিংসা আদিৰে জীৱন অতিবাহিত কৰিছিল ৷ এতিয়া সেই দিন নাই ৷ ৰাইজে নিশ্চিন্ত মনে সপৰিয়ালে নাটক – চিনেমা চাব পৰা অবস্হা হৈছে । তেওঁ আৰু কয় যে বিটি আৰ চৰকাৰেথিয়েটাৰ আৰু চিনেমা হল সমুহক নতুন ৰূপ দিয়াৰ ব্যৱস্থা কৰিব ৷

বিগত ২ বছৰ ধৰি কভিড মহামাৰিৰ বাবে বন্ধ হৈছিল। এইবাৰ কোনো ধৰনৰ কভিডৰ নিষেধাজ্ঞা নাই যাৰ বাবে জীপাল হৈ উঠিছে ভ্ৰাম্যমাণ নাট্য জগত ৷ সনামাইনাও নাইজাব আফাড নাট্যগোষ্ঠীৰ পৰিচালক ধনেশ্বৰ ৰামছিয়াৰীয়ে জানিবলৈ দিয়ে যে সনামাইনাও যাত্ৰা পাৰ্টীক ৰাইজে আকোৱালী লব বুলি তেও আশাবাদী । যাৰ পৰিপ্ৰেক্ষিতত দলটোৱে অধিক উৎসাহিত হৈ এনেদৰে পুনৰ ৰাইজৰ মাজলৈ ওলাই আহিছে ৷ ৰাইজে যদি সহযোগিতা আগবঢ়াই তেনেহলে অদুৰ ভবিষ্যতে সনামাইনাও যাত্ৰা পাৰ্টীক ভ্ৰাম্যমান থিয়েটাৰৰ ৰূপ দিব। ইতিমধ্যে লক্ষ্মী পুজাত কেবাখনো ঠাইত নাট প্ৰদৰ্শনৰ বাবে চুক্তি বদ্ধ হৈছে ।

Exit mobile version