FOREST DEPT.FINALLY RESCUED WILD ELEPHANT INJURED AFTER BEING HIT BY TRAIN IN TITABAR : তিতাবৰত ৰে’লৰ খুন্দাত আঘাতপ্ৰাপ্ত বন্যহস্তীক অৱশেষত উদ্ধাৰ বনবিভাগৰ

WhatsApp Image 2022 10 11 at 17.08.46

FOREST DEPT.FINALLY RESCUED WILD ELEPHANT INJURED AFTER BEING HIT BY TRAIN IN TITABAR : অৱশেষত ২৪ ঘন্টাৰ অন্তত ৰে’লৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ পানীৰ মাজত ছটফটাই থকা বনৰীয়া হাতীটোক আজি বিয়লি উদ্ধাৰ কৰে বন বিভাগে ৷ উল্লেখ্য যে সোমবাৰে বিয়লি যোৰহাট জিলাৰ তিতাবৰৰ খৰিকটীয়া ৰে’ল ষ্টেচনৰ সমীপৰ চাহ বাগিচাৰ ৰে’ল আলিত নতুন দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আঘাতপ্ৰাপ্ত বন্যহস্তীটো ৷

পিছত আঘাতপ্ৰাপ্ত হাতীটো ৰে’ল আলিৰ কাষৰ পানীত পৰি যায় ৷ নিশাটো পৰি থকা গজৰাজৰ চিৎকাৰত স্থানীয় গঞা একত্ৰিত হৈ হাতীটো উদ্ধাৰৰ দাবী তোলে ৷ আজি পুৱাতে ঘটনাস্থলীত বনবিভাগৰ বৃহৎ দল উপস্থিত হৈ চেষ্টা কৰে হাতীটোক উদ্ধাৰৰ ৷

অৱশ্যে বিয়লী অএনজিচিৰ বৃহৎ ক্ৰেনৰ সহায়ত ডেৰঘন্টা শ্বাসৰুদ্ধ প্ৰচেষ্টাৰ অন্তত হাতীটোক পানীৰ মাজৰ পৰা ৰছিৰে দাঙি এখন ট্ৰাকত উঠাই গিবন অভয়াৰণ্যলৈ নিয়া হয়। ইয়াতে আঘাতপ্ৰাপ্ত হাতীটোক পশু চিকিৎসকে চিকিৎসাৰ ব্যবস্থা কৰিব ৷ প্ৰয়োজন সাপেক্ষে কাজিৰঙাৰ OWRC লৈ নিয়া হ’ব বুলি প্ৰকাশ কৰে এজন বন বিষয়াই ৷

Exit mobile version