Facebook Meta : ফেচবুক মেটাৰ বহু ব্যৱহাৰকাৰীয়ে কোনো নজনা কাৰণত ছ’চিয়েল মিডিয়া প্লেটফর্মত তেওঁলোকৰ সিংহভাগ ফলোৱাৰ হেৰুৱাৰ অভিযোগ উত্থাপন কৰিছে৷ ৷মেটাৰ প্রতিষ্ঠাপক আৰু চিইঅ’ মার্ক জুকাৰবার্গে ১১৯ মিলিয়নৰো অধিক ফলোৱাৰ হেৰুৱাইছে সম্প্ৰতি তেওঁৰ ফলোৱাৰৰ সংখ্যা ১০ হেজাৰৰ তলত নামিছে ।
বাংলাদেশৰ লেখিকা তছলিমা নাছৰিনে টুইট কৰে, “ফেচবুকত এটা ছুনামি আহিছে যিয়ে মোৰ প্রায় ন লাখ ফলোৱাৰ উটাই লৈ গৈছে আৰু পাৰত মাত্র ন হেজাৰ থৈ গৈছে । মই ফেচবুকৰ কমেডিৰ সদৃশ ।”
মেটাৰ স’তে যোগাযোগ কৰাত সংস্থাৰ মুখপাত্রই জনায়, “আমি সচেতন যে কিছুসংখ্যক লোকে তেওঁলোকৰ ফেচবুক প্র’ফাইলত অসামঞ্জস্যপূর্ণ ফলোৱাৰৰ সংখ্যা দেখিছে । আমি যথাসম্ভৱ শীঘ্ৰে বস্তুবোৰ স্বাভাৱিক কৰিবৰ বাবে কাম কৰি আছো আৰু যিকোনো অসুবিধাৰ বাবে আমি ক্ষমাপ্রার্থী ।”