ONION PRICE HIKED BY THREE-FOUR HUNDRED  IN GUWAHATI MARKET: তিনি-চাৰিশকৈ বাঢ়িল পিঁয়াজৰ মূল্য

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পাইকাৰী দৰত খুচুৰা ব্যৱসায়ীয়ে লাভ নকৰে আলু

WhatsApp Image 2022 10 12 at 14.45.04

ONION PRICE HIKED BY THREE-FOUR HUNDRED  IN GUWAHATI MARKET  : সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি হ’ল আলু-পিঁয়াজৰ মূল্য । মহানগৰীৰ পাইকাৰী ব্যৱসায়ীয়ে সদৰী কৰা তথ্য অনুসৰি, প্ৰতি কুইণ্টল ইণ্ডোৰ, ৰাজস্থান, পাটনা, বাংগালুৰুৰ পিঁয়াজত তিনি-চাৰিশ টকা আৰু নাছিকৰ পিঁয়াজত পাঁচ-ছশ টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে । এই তথ্য কামৰূপ মহানগৰ জিলা প্ৰশাসনে দৈনিক জাৰি কৰা সামগ্ৰীৰ মূল্য তালিকাতো স্পষ্ট ৰূপত উল্লেখ কৰিছে ।

সমান্তৰালভাৱে মহানগৰ জিলা প্ৰশাসনে প্ৰতি কুইণ্টল আগ্ৰা আলুৰ পাইকাৰী মূল্য সৰ্বোচ্চ ২৬শ টকাৰ দৰ নিৰ্ধাৰণ কৰিছে যদিও পাইকাৰী বজাৰত এই মূল্যত খুচুৰা ব্যৱসায়ীয়ে আলু লাভ নকৰাৰো অভিযোগ উঠিছে । বহু খুচুৰা ব্যৱসায়ীয়ে আগ্ৰাৰ প্ৰতি কুইণ্টল আলু ২,৬৫০-২,৭০০ টকাত ক্ৰয় কৰিবলগা হৈছে বুলি সদৰী কৰিছে । ফলত প্ৰতি কুইণ্টল আলুতো বৃদ্ধি পাইছে ১০০-১৫০ টকা ।

উল্লেখ্য যে অসাধু ব্যৱসায়ীৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মূল্য ৩৭ টকা আৰু আলুৰ সৰ্বোচ্চ খুচুৰা মূল্য ২৯ টকা নিৰ্ধাৰণ কৰিছিল; কিন্তু এই দৰত মহানগৰীৰ বজাৰত আলু-পিঁয়াজ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ গ্ৰাহক ।

উল্লেখ্য যে জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনা আওকাণ কৰি মহানগৰীৰ খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰাম পিঁয়াজ ৪০ টকা আৰু প্ৰতি কিলোগ্ৰাম আলু ৩৫ টকা মূল্যত বিক্ৰী হৈছে । ফলত সামাজিক মাধ্যমত সামগ্ৰীৰ দাম প্ৰকাশ কৰাতেই জিলা প্ৰশাসন তথা যোগান বিভাগৰ দায়িত্ব শেষ বুলি চৌদিশে চৰ্চা চলিছে ।

আনহাতে, গণেশগুৰি বজাৰত বজাৰ কৰিবলৈ অহা বিষ্ণু দাস নামৰ গ্ৰাহকজনে আলু-পিʼয়াজৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তিনি দিন পূৰ্বে ৩৫ টকাত ক্ৰয় কৰা প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ দাম আজি ৪০ টকা । একেদৰে এসপ্তাহ পূৰ্বে ২৫ টকাত ক্ৰ‌য় কৰা নাছিকৰ পিঁয়াজ দুটা দিনতে ৩০ টকা হ’ল । ৩২ টকাত ক্ৰয় কৰা আগ্ৰা আলু আজি ৩৫ টকা বেংগলৰ আলু ৩০ টকা হ’ল ।

জিলা প্ৰশাসনে কালি ফেচবুক পেজত দিয়া তালিকাত প্ৰতি কিলোগ্ৰাম বেংগল আলুত ২৭ টকা, আগ্ৰা আলু ৩২ টকা দৰ নিৰ্ধাৰণ কৰি দিছিল । সমান্তৰালভাৱে তালিকাখনত ইণ্ডোৰ, ৰাজস্থান, পাটনা, বাংগালুৰু আদিৰ প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ খুচুৰা মূল্য ২৮ৰ পৰা ৩৭ টকা আৰু নাছিকৰ পিঁয়াজৰ ২৮-২৯ টকা মূল্য নিৰ্ধাৰণ কৰি দিছিল যদিও এই মূল্যত বজাৰত আলু-প্ৰিঁয়াজ উপলব্ধ নহয় বুলি কয় ।

একেদৰে কঠিন শইকীয়া নামৰ আন এজন গ্ৰাহকে কেৱল সামগ্ৰীৰ নিৰিখ নিৰ্ধাৰণ কৰিয়েই জিলা প্ৰশাসনে দায়িত্ব সামৰাৰ ফলতে সাধাৰণ জনতাই অত্যধিক মূল্যত সামগ্ৰী ক্ৰয় কৰিবলগীয়া হৈছে বুলি মন্তব্য‌ কৰি বজাৰে বজাৰে প্ৰসানল লোকে অভিযান নচলালে কেতিয়াও উচিত মূল্যত গ্ৰাহকে সামগ্ৰী লাভ কৰিবলৈ সক্ষম নহয় বুলি কয় । আন কে’বাজনো গ্ৰাহকে নিৰ্ধাৰণ কৰি দিয়া দলত কোনখন বজাৰত উপলব্ধ বুলিও জিলা প্ৰশাসনক কটাক্ষ কৰে ।

Exit mobile version