ED FILS CHARGESHEET AGAINST RANA AYYUB : ধনৰ অবৈধ লেনদেনৰ গোচৰত সাংবাদিক ৰাণা আয়ুবৰ বিৰুদ্ধে ইডি-এৰ চাৰ্জশ্বীট দাখিল

WhatsApp Image 2022 10 13 at 21.13.43

ED FILS CHARGESHEET AGAINST RANA AYYUB : প্ৰৱৰ্তন সঞ্চালকালয়ে(ইডি) সাংবাদিক ৰাণা আয়ুবক ধনৰ অবৈধ লেনদেন আৰু জালিয়াতিৰ গোচৰত অভিযুক্ত কৰি বৃহস্পতিবাৰে তেওঁৰ বিৰুদ্ধে দাখিল কৰে চাৰ্জশ্বীট।
তদন্তকাৰী সংস্থাটোৱে ketto.com ৱেবছাইটৰ জৰিয়তে সাহায্য আৰু দাতব্য সংস্থাৰ নামত সংগ্ৰহ কৰা নগদ ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত সাংবাদিক ৰাণা আয়ুবৰ বিৰুদ্ধে ধন ৰপ্তানিৰ সৈতে জড়িত পূৰ্বৰ এটা গোচৰত চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সাংবাদিক গৰাকীৰ পৰা জব্দ কৰিছিল ১.৭৭ কোটি টকা । ইডিৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সদৰি কৰা মতে, আয়ুবে ধনখিনি অপব্যৱহাৰ কৰিছিল আৰু ব্যক্তিগত ব্যয়ৰ বাবে সেইবোৰ আন একাউণ্টলৈ স্থানান্তৰ কৰিছিল।

এখন কাকতৰ নিয়মীয়া লেখিকা আইয়ু ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ সময়ত ছদ্মবেশত বিভিন্ন ব্যক্তি আৰু সন্থাৰ পৰা নিজৰ একাউণ্টলৈ দানৰ উদ্দেশ্যে ধন স্থানান্তৰ কৰি প্ৰৱঞ্চনা কৰাৰ অভিযোগ উদ্থাপিত হৈছিল । একেদৰে সাংবাদিক গৰাকীয়ে ৫০ লক্ষাধিক টকাৰ ফিক্সড ডিপজিট (এফডি) খুলিছিল যাক এক দাতব্য প্ৰচেষ্টাৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ পিছত নেট বেঙ্কিংৰ জৰিয়তে তেওঁৰ সঞ্চয় একাউণ্টৰ পৰা স্থানান্তৰ কৰিছিল ।

উল্লেখ্য যে আয়ুবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগটো ২০২১ বৰ্ষৰ আগষ্ট মাহত গাজিয়াবাদ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল বিকাশ সংক্ৰান্তিয়ান নামৰ এজন ব্যক্তিয়ে ৷ ব্যক্তিজনৰ উদ্থাপিত অভিযোগ অনুসৰি “আয়ুবে দাতব্য সংস্থাৰ নামত সাধাৰণ ৰাইজক প্ৰতাৰণা কৰিছিল।”
আনহাতে ২০২১ৰ ৭ ছেপ্টেম্বৰত ইন্দিৰাপুৰম আৰক্ষী থানাত আয়ুবৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (আইপিচি) ধাৰা ৪০৩, ৪০৬, ৪১৮ আৰু ৪২০ উলংঘা কৰাৰ লগতে তথ্য প্ৰযুক্তি আইনৰ ৬৬ডি ধাৰা অধীনত আন এক গোচৰ ৰজু হৈছিল ।

উল্লেখযোগ্য যে সাংবাদিক ৰাণা আয়ুবে সততে চৰকাৰৰ বিভিন্ন জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে মুখৰ হৈ পৰাৰ লগতে বিত্তীয় অনিয়মৰ সৰব হোৱাৰ বাবে চৰকাৰে ইডিৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে গোচৰ ৰজু কৰি মুখ বন্ধ কৰাৰ এক প্ৰয়াস বুলি মন্তব্য কৰে সাংবাদিক গৰাকীয়ে ৷

Exit mobile version