হিমাচল বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা

HIMACHAL ASSEMBLY POLL DATES ANNOUNCEMENT : ১২ নৱেম্বৰত হ'ব ভোট গ্ৰহণ ,৮ ডিচেম্বৰত হ'ব গণনা, গুজৰাট নিৰ্বাচনৰ তাৰিখ নহ'ল ঘোষণা

WhatsApp Image 2022 10 14 at 20.03.37

HIMACHAL ASSEMBLY POLL DATES ANNOUNCEMENT : অৱশেষত পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচন দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে ৷ ১২ নৱেম্বৰত ভোট গ্ৰহণৰ বিপৰীতে ভোট গণনা হ’ব ৮ ডিচেম্বৰত ৷
শুক্ৰবাৰে এক সংবাদমেলত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে, “আমি মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সমৰ্পিত। নিৰ্বাচনৰ জৰিয়তে আমি ভোটাৰৰ সংখ্যা উন্নত কৰাৰ বাবে কাম কৰি আছো।”

উল্লেখ্য যে গুজৰাট বিধানসভা নিৰ্বাচন আজি ঘোষণা কৰা নহ’ল ৷ খবৰ অনুসৰি দেৱালীৰ পিছতহে গুজৰাটৰ নিৰ্বাচন দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ হিমাচল প্ৰদেশৰ বিধানসভাৰ কাৰ্যকাল ২০২৩ ৰ ৮ জানুৱাৰীত সমাপ্ত হোৱাৰ বিপৰীতে বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন হ’ব ১৮ ফেব্ৰুৱাৰীত ৷

Exit mobile version