AASU PROTEST  IN DHEMAJI :বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব এন এইচ পি চি : শংকৰ বৰুৱা

মিথ্যাচাৰী বিজেপি চৰকাৰক সকীৰণি আছুৰ,গেৰুকামুখত এন এইচ পি চিৰ বিৰুদ্ধে আঠ খন জিলাৰ 'মানৱ শৃংখল' প্ৰতিবাদী কাৰ্যসূচী

WhatsApp Image 2022 10 15 at 18.49.41

AASU PROTEST  IN DHEMAJI : বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ আখৰে আখৰে পালন কৰিব লাগিব এন এইচ পি চিয়ে। নামনি বাসী ৰাইজৰ জীৱন সম্পত্তি সুনিশ্চিত নকৰালৈকে বন্ধ ৰাখিব লাগিব এন এইচ পি চিৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাম। মিথ্যাচাৰী  বিজেপি চৰকাৰে কৰোনা মহামাৰীৰ সুযোগ লৈ, সৰ্বসাধাৰণ ৰাইজৰ পণবন্দী আৰু গৃহবন্দীৰ সুযোগ লৈ নিৰ্মাণ কৰিলে ৭০-৮০ শতাংশ কাম । তাৰোপৰি সম্প্ৰতি প্ৰয়োচনা-প্ৰলোভন আৰু দমন ৰাজনীতিৰে বিজেপি আৰু বান্ধলবী এন এইচ পিয়ে সামগ্ৰিকভাৱে কাম আগবঢ়াই নিয়ে। উল্লেখ্য, এটা সময়ত বিজেপি চৰকাৰে শাসনলৈ নহাৰ আগতে গোগামুখত তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং আৰু পাছিঘাট  নৰেন্দ্ৰ মোদীয়ে নদীবান্দৰ বিৰুদ্ধে সৰৱ মন্তব্যৰে বৃহৎ নদী বান্ধ বিপক্ষে মাত মাতিছিল।

বৰ্তমান পূঁজিপতিৰ স্বাৰ্থতে কাম কৰে বিজেপি নেতৃত্বাধীন চৰকাৰ। এইক্ষেত্ৰত ৰাইজৰ প্ৰৱল দাবী আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শক আওকান কৰাৰ সমান্তৰালকৈ প্ৰকৃতিয়ে বাৰুকৈয়ে এশিকনি দিয়াৰ পিছতো শিক্ষা লোৱা নাই এন এইচ পি চিয়ে বুলি দাবী কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। ছাত্ৰ নেতা গৰাকীয়ে পুনৰ ৰাইজক লগত লৈ জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এলানি কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান আজি গেৰুকামুখত। এন এইচ পি চিৰ মুখ্য প্ৰৱেশ দ্বাৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা আৰু সদৌ লখিমপুৰ জিলা ছাত্ৰৰ উদ্যোগত লগতে ছখন জিলাৰ সহযোগ কৰা মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ এন এইচ পি চিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। তিনি সহস্ৰাধিক আছুৰ কৰ্মীয়ে গেৰুকামুখত হাতে‌ হাতে এন এইচ পি চিৰ বিৰুদ্ধে প্লেকাৰ্ড লৈ এন এইচ পি চিৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত দুঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে।

এন এইচ পি চি গ’বেগ, জলবোমা নদীবান্ধ আমাক নালাগে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নালাগে, বিজেপি চৰকাৰ হুচিয়াৰ, নৰেন্দ্ৰ মোদী মিছলীয়া, ৰাজনাথ সিং মিছলীয়া আদি শ্ল’গান ধ্বনিৰে আকাশ বতাহ কপাঁই তোলে গেৰুকামুখ পাহাৰ। আজি মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীত ক্ৰমে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক সমীৰণ ফুকন,মুখ্য সাংগঠনিক সম্পাদক পুলক বৰা, সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱাৰ লগতে কেন্দ্ৰীয় নেতা ধনমনি দত্ত,ৰাজীৱ গগৈ, ৰাণা সোনাৰ,অনুপ মৰাণ, জিতু নেওগ, নিখিল কোঁচ, সূৰ্য ভূঞাঁ,পবিত্ৰ গোস্বামী, ৰূপম দাস, তচেন ডেকাই। তাৰোপৰি সদৌ লক্ষীমপুৰ জিলাৰ নেতা স্বৰাজ শংকৰ গগৈ, ডিব্ৰুগড়ৰ বুলবুল দত্ত,ৰাজা বালিমৰা, তিনিচুকীয়াৰ

সমৰ গোহাঁই, মানৱ হাজৰিকা, সভাপতি, শিৱসাগৰৰ অজিত নেওগ, মাজুলীৰ বিতুপণ শৰ্মা, বিশ্বনাথৰ বিক্ৰম বিকাশ বৰা,ধ্ৰুৱ বৰা, যোৰহাটৰ
অৰ্জুন মণি ভূঞাঁই। সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কল্যাণ গগৈয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰতিবাদী বক্তব্য ৰাখে প্ৰাক্তন আছু নেতা জিতু বৰা আৰু শেষত সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মাৰ বক্তব্যৰে অনুষ্ঠানৰ সামৰণি মাৰে।

Exit mobile version