চম্পানগৰত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ চম্পানগৰ আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি

WhatsApp Image 2022 10 16 at 20.17.09

আজি কোকৰাঝাৰ জিলাৰ চম্পানগৰত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ চম্পানগৰ আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশনৰ সফল সামৰণি হয় । যোৱা ১৫ আৰু ১৬ অক্টোবৰ তাৰিখে দুদিনিয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে এবিএমছুৰ চম্পানগৰ আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশনখন চম্পানগৰ মিলন এম ই স্কুল খেলপথাৰত অনুষ্ঠিত হয় ।

প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা পতাকা উত্তোলন, ছহিদৰ আত্মাৰ সদগতিৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা আৰু বৃক্ষৰোপন, চাফাই অভিযানৰ লগতে বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয় । ইপিনে, আজি ১৬ অক্টোবৰ তাৰিখে অধিবেশনৰ অন্তিম দিনাৰ কাৰ্য্যসূচী অনুসৰি ৰাতিপুৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, বঁটা বিতৰণী সভাৰ লগতে আবেলি অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে এবিএমছুৰ কেন্দ্রীয় সভাপতি আশ্ৰাফুল ইছলাম, সাধাৰণ সম্পাদক টাইছন হুছেইন, এবিএমছুৰ কোকৰাঝাৰ জিলাৰ সভাপতি নজৰুল ইছলাম, সাধাৰণ সম্পাদক ছেলিম শ্বেখ, আমছুৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক আমিৰ আলীৰ লগতে অইন অইন বিশিষ্ট ব্যক্তিসকল, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল, গাঁওবুঢাসকল আৰু ৰাইজসকল ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি এবিএমছুৰ কেন্দ্রীয় সভাপতি আশ্ৰাফুল ইছলামে কয় যে বিটিআৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । লাফিকুল ইছলামৰ হত্যাকাৰীক আজিলৈকে গ্ৰেপ্তাৰ নকৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এবিএমছুৰ কেন্দ্রীয় সভাপতি আশ্ৰাফুল ইছলাম ।

Exit mobile version