ৰাজনৈতিক বিবাদৰ বলি ! ‘চন্দ্রমোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ’, নলবাৰী আছু

আঠ বছৰে মুকলি নহ'ল ৰাজ্যৰ আঠ নম্বৰখন উদ্যান শস্য মহাবিদ্যালয়

WhatsApp Image 2022 10 16 at 17.02.49

নলবাৰী জিলাখনৰ এটা পিছপৰা অঞ্চল । লখোপূৰ-চৰাবৰী অঞ্চল । বুঢ়াদিয়া নদীৰ পাৰৰ নলবাৰী-বৰপেটাৰ সীমামূৰীয়া এই অঞ্চলটোৰ জীৱিকা বুলিবলৈ কৃষিয়েই প্ৰধান । উচ্চ শিক্ষাৰ বাবে মহাবিদ্যালয় বা আন তেনে সমপৰ্যায়ৰ শিক্ষানুষ্ঠান নাই । তেনে এটা অঞ্চলত এখন উদ্যান শস্য মহাবিদ্যালয় স্থাপন হ’ব – এই খবৰ সদৰী হোৱাৰ পাছৰে পৰা বৃহত্তৰ অঞ্চলটোলৈ নামি আহিছিল নতুন আশা-আনন্দৰ জোৱাৰ । আন নহ’লেও মহাবিদ্যালয়খনক কেন্দ্ৰ কৰি ইয়াৰ ৰাস্তা-ঘাতৰ উন্নয়ন হ’ব, বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ শিক্ষক, কৰ্মচাৰীৰ দল, শিক্ষাৰ্থীৰ দল আহিব, অহৰহ মানুহৰ সমাগম ঘটিব আৰু তাকে কেন্দ্ৰ কৰি গঢ়ি উঠিব এখন নতুন বজাৰ । অঞ্চলটোৰ জীৱন জীৱিকালৈ নতুন সংযোজন ঘটাৰ লগতে ই ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি লাভ কৰিব । এনেবোৰ আশা-স্বপ্নই সাধাৰণ ৰাইজক স্বপ্নাতুৰ কৰি তুলিছিল যদিও আজি সুদীৰ্ঘ আঠটা বছৰে কলেজখন মুকলি নোহোৱাত তেনে আশা-স্বপ্ন ভংগ হোৱাৰ উপক্ৰম ঘটিছে ।

ইয়াৰ লগে লগে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীলৈ সন্দেহৰ আঙুলি উঠিছে, একমাত্ৰ ৰাজনৈতিক বিবাদৰ বাবেই মন্ত্ৰীজনে কলেজখন মুকলি কৰাত গুৰুত্ব নিদিয়া বুলি । ছাত্ৰ সন্থাৰ অভিযোগ অনুসৰি চন্দ্ৰ মোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ । আনহাতে, কলেজখনৰ পৃষ্ঠপোষক, প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাই উদ্বেগ প্ৰকাশ কৰিছে ।

লক্ষ্যণীয় যে নলবাৰীৰ ধৰ্মপুৰ সমষ্টি গঠনৰ সুদীৰ্ঘ ৪৭ বছৰ পাছত ইয়াৰ স্থানীয় বিধায়কৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ২০১৪ত প্ৰথমবাৰলৈ এখন উচ্চ শিক্ষানুষ্ঠান নলবাৰী উদ্যান শস্য মহাবিদ্যালয় স্থাপন হৈছিল লখোপূৰ-চৰাবৰীত । এনে এখন উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ উলাহ আনন্দই স্থানীয় ৰাইজক উৎসাহিত কৰি তোলাত তেওঁলোকৰ উলাহ-আনন্দৰ মাজতে ২০১৪ৰ ১৬ ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰে ।

লক্ষ্যণীয় যে ১৯৬৭ত সমষ্টি গঠন হোৱাৰে পৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মন, ৰমণী বৰ্মন, নীলমণি সেন ডেকা আৰু চন্দ্রমোহন পাটোৱাৰীয়ে । আনহাতে, মাত্ৰ ১৯৯১ আৰু ২০০৬ত ইয়াৰ প্ৰতিনিধিয়ে মন্ত্ৰীত্ব নোপোৱাৰ বাহিৰে ৪৫ বছৰে বিভিন্ন পদবীত মন্ত্ৰীত্ব লাভ কৰি ৰাজ্যৰ ৰাজনীতিত এই পর্যন্ত দ্বিতীয় স্থান দখল কৰি আছে ধৰ্মপুৰে । ইয়াৰ সৰ্বাধিক সুদীৰ্ঘ ২৫ বছৰে মন্ত্ৰীত্ব দখল কৰি আহিছে চন্দ্ৰ মোহন পাটোৱাৰীয়ে । কিন্তু নিৰ্লজ্জভাৱে কি ৰমণী বৰ্মন কি ভূমিধৰ বৰ্মন কি চন্দ্ৰ মোহন পাটোৱাৰী – ইয়াৰ এজনেও সমষ্টিটোত এখন উচ্চ শিক্ষানুষ্ঠান গঢ় দিবলৈ সক্ষম নহ’ল । এনে নিৰ্লজ্জ ইতিহাস মচি তদানীন্তন মন্ত্ৰী নীলমণি সেন ডেকাই ভূমিকা লৈ সমষ্টিটোৰ অনগ্ৰসৰ অঞ্চল লখোপুৰ – চৰাবাৰীত ১৩.৫০ হেক্টৰ চৰকাৰী সংৰক্ষিত কৃষি ভূমিত ২০১৪ত স্থাপন কৰে ৰাজ্যৰ আঠ নম্বৰখন উদ্যান শস্য মহাবিদ্যালয় । কিন্তু পৰিতাপৰ কথা যে সমষ্টিটোৰ একমাত্ৰ স্বাভিমানস্বৰূপ উক্ত মহাবিদ্যালয়খন আজি আঠ বছৰ পৰ্যন্ত মুকলি নহ’ল । তদানীন্তন মন্ত্ৰী সেন ডেকাই এই কথাত উদ্বিগ্নতা প্ৰকাশ কৰিছে ।

চন্দ্ৰ মোহন পাটোৱাৰী কামৰ মানুহ নহয়, কথাৰহে মানুহ

‘একেটা সমষ্টিতে সুদীৰ্ঘ ২৫ বছৰে মন্ত্ৰীৰূপে প্ৰতিনিধিত্ব কৰাৰ পাছতো এখনো উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠান স্থাপন কৰিব নোৱাৰাটো চন্দ্ৰ মোহন পাটোৱাৰীৰ বাবে দুৰ্ভাগ্যজনক । আনকি অন্য এজন মন্ত্ৰীৰ পৃষ্ঠপোষকতাত স্থাপন হোৱা লখোপুৰৰ উদ্যান শস্য মহাবিদ্যালয়খন এই পৰ্যন্ত মুকলি কৰিবলৈ তেওঁ সক্ষম নহ’ল । এইজন মন্ত্ৰীয়ে আনকি দক্ষতা বিকাশ দপ্তৰো অলংকৃত কৰিছিল । তাৰ পাছতো তেওঁ কি কৰিলে । প্ৰাদেশিকৃত বা পূৰ্বে স্থাপিত শিক্ষানুষ্ঠানসমূহত চৰকাৰী অনুদান দিয়া কথা তেনে স্বাভাৱিক, অথচ এইজন মন্ত্ৰীয়ে সভাই সমিতিয়ে এইবোৰৰহে নাম লৈ ভাষণ দিয়ে । আচলতে তেওঁ কামৰ মানুহ নহয়, কথাৰ হে মানুহ’, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকাই আজি “দৈনিক অগ্ৰদূত”ক এই মন্তব্য সদৰী কৰে ।

আগন্তুক চাৰি মাহত মুকলি হ’ব : অসম কৃষি বিশ্ববিদ্যালয়

স্থানীয় ৰাইজে উদ্যান শস্য মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰক লৈ অনিস্বয়তাৰ মাজত থকাৰ বিপৰীতে আগন্তুক চাৰি-পাঁচ মাহৰ ভিতৰত মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা সদৰী কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ এক সূত্ৰই । সূত্ৰটোৱে এই প্ৰতিবেদকক সদৰী কৰা মতে, উক্ত কলেজখনৰ বিপৰীতে ২০১৪তে ২৫ গৰাকী শিক্ষাৰ্থীক যোৰহাট কৃষি বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰোৱাই পাঠদান কৰাৰ লগতে প্ৰতি বছৰে ৪০ গৰাকীকৈ শিক্ষাৰ্থীক নামভৰ্তি কৰোৱাই পাঠদান চলাই থকা হৈছে ।

সূত্ৰটোৱে লগতে কয় যে মহাবিদ্যালয়খনৰ আন্তঃগাঁঠনি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও ইয়াত প্ৰয়জনীয় লেৱৰেটৰী আৰু অন্যান্য পৰীক্ষাগাৰৰ কাম সম্পূৰ্ণ হোৱা নাই । এইবাৰ চৰকাৰে টকা দিছে । গতিকে লেৱৰেটৰীৰ কামখিনি সম্পূৰ্ণ হৈ উঠিলে মহাবিদ্যালয়খন মুকলি কৰিব পৰা যাব । আন এক অসমৰ্থিত সূত্ৰৰ ভাষ্য অনুসৰি অহা ফেব্ৰুৱাৰী মাহত মহাবিদ্যালয়খন মুকলি কৰা হ’ব ।

Exit mobile version