Nirmala Sitharaman : টকাৰ দামত পতন হোৱা নাই, প্ৰকৃততে ক্রমশ শক্তিশালী হৈছে ডলাৰ : নির্মলা সীতাৰামন !

56ed6cb8 4cb5 11ed 930e 2f50bd8faadf 1665857834225

ভাৰতীয় মুদ্রাৰ পতন হোৱা নাই । প্ৰকৃততে ডলাৰ ক্রমাগত শক্তিশালী হৈছে । ডলাৰৰ সাপেক্ষে টকাৰ দামৰ পতন সন্দৰ্ভত বিদেশত এইদৰে ক’লে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰামনে । টকাৰ দামৰ পতন ৰোধ কৰিবলৈ নিজৰ শ্ৰেষ্ঠ দিবলৈ কাম কৰি আছে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই (আৰবিআই) । এই সদৰী কৰিছে সীতাৰামনে ।

বর্তমান আমেৰিকা ভ্ৰমণত গৈছে বিত্তমন্ত্রী । শনিবাৰে ৱাছিংটনত সাংবাদিক বৈঠকত টকাৰ দামৰ পতন সন্দৰ্ভত প্রশ্নৰ সন্মুখীন হয় সীতাৰামন । আগন্তুক দিনত কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে ভাৰতীয় মুদ্রা ? কি কি পদক্ষেপ গ্ৰহণ কৰা হৈছে ? এই প্রশ্নৰ উত্তৰত বিত্তমন্ত্রীয়ে কয়, ‘‘টকাৰ পতন হোৱা নাই । প্ৰকৃততে ডলাৰ ক্রমাগত শক্তিশালী হৈছে…।’’ বিশ্বৰ অন্যান্য মুদ্রাতকৈ ভাৰতীয় মুদ্রা তুলনামূলকভাৱে ভাল অৱস্থাত আছে বুলিও দাবী কৰে সীতাৰামনে ।

প্রসংগত, বিগত সপ্তাহতেই আমেৰিকান ডলাৰৰ নিৰিখত টকাৰ দামৰ পতনত সর্বকালীন অভিলেখৰ সাক্ষী দেশ । এক ডলাৰৰ নিৰিখত টকাৰ দাম ৮২.৬৯ টকা । সম্প্রতি আইএফএ গ্লোবেল ৰিছাৰ্চ একাডেমিয়ে জনাইছে, আন্তর্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম বাঢ়িছে । সেয়ে টকাৰ দাম পৰিছে । তেওঁলোকৰ দাবী, ইমান দিনে আৰবিআই-য়ে সঞ্চয় ব্যয় কৰি কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিছিল । কিন্তু এতিয়া সেয়া সম্ভৱ হোৱা নাই ।

শুকুৰবাৰে আৰবিআই-য়ে জনাইছে, তেওঁলোকৰ বিদেশী মুদ্রাৰ সঞ্চয় (ফ’ৰেক্স ৰিজার্ভ) ৪৮.৫৪ কোটি ডলাৰ কমিছে । ভাৰতীয় মুদ্রাত যি প্রায় ৪০ হেজাৰ কোটি পা‍ঁচ লাখ ৬৭ টকা । আইএফএ-য়ে গ্লোবেল ৰিছার্চ একাডেমিয়ে জনাইছে, ইয়াৰ ফলত খৰচৰ বিষয়ত সচেতন হৈছে আৰবিআই । এই প্রেক্ষাপটত ভাৰতীয় মুদ্রা সন্দৰ্ভত সীতাৰামনৰ মন্তব্য‌ই নতুন মাত্রা যোগ কৰিলে ।

Exit mobile version