ASSAM DIRECT RECRUIMENT GRADE4 RESULT:উৎকণ্ঠাৰ অন্ত : ঘোষণা কৰা হ’ল চতুৰ্থ বৰ্গৰ ফলাফল

WhatsApp Image 2022 10 18 at 14.38.22

ASSAM DIRECT RECRUIMENT GRADE4 RESULT: উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা হ’ল চতুৰ্থ বৰ্গৰ ফলাফল ৷ ৰাজ্যৰ বিভিন্ন বিভাগত ৰিক্ত হৈ থকা চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদে ২১ আগষ্টত অনুষ্ঠিত কৰিছিল পৰীক্ষা ৷আজি ছেবাই ৱেবছাইট যোগে ঘোষণা কৰে ফলাফল ৷অনলাইন যোগে প্ৰাৰ্থী সকলে লাভ কৰিব পাৰিব ফলাফল ৷ ছেবাৰ www.sebaonline.org ত লগ অন কৰিলেই জানিব পাৰিব নিজৰ ফলাফল ৷

সেই অনুসৰি প্ৰাৰ্থীয়ে ছেবাৰ ৱেবছাইট লগ অন কৰি নিজৰ আবেদন পত্ৰৰ ক্ৰমিক নং আৰু ৰোল নম্বৰৰ তথ্য সন্নিবিষ্ট কৰিব৷তাৰ পিছতে লাভ কৰিব ফলাফল ৷
আনহাতে ছেবাই বিশেষ অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰিছে হেল্পলাইন নম্বৰ৷নম্বৰটো হ’ল ৯৬৬৭০-৬২০৬৩ ৷ ফলাফল লাভ কৰাত অসুবিধা হোৱা প্ৰাৰ্থী সকলে এই ম’বাইল নম্বৰত তৎক্ষণাৎ যোগাযোগ কৰিব পাৰিব বশলি জনাইছে ছেবাই ৷

Exit mobile version