13 EXOTIC ANIMALS RESCUED : কাছাৰত উদ্ধাৰ ১৩ টা বিদেশী বন্যপ্ৰাণী

WhatsApp Image 2022 10 19 at 15.01.04

13 EXOTIC ANIMALS RESCUED : অসম-মিজোৰাম সীমান্তৱৰ্তী কাছাৰ জিলাৰ ডাৰ্বি চাহ বাগিচা অঞ্চলত প্ৰায় ১৩ টা বিদেশী বন্যপ্ৰাণী উদ্ধাৰ কৰে বনৰক্ষীয়ে । বন বিভাগে সদৰি কৰা মতে চাহ বাগিচাৰ খনৰ মাজত ৩ টা বাকচত পিঞ্জৰাবদ্ধ অৱস্থাত লৈ অনা হৈছিল।

এই সন্দৰ্ভত কাছাৰ সংমণ্ডল বন বিষয়া (ডিএফঅ’) তেজছ মাৰিস্বামীয়ে জনোৱা অনুসৰি, “এই বন্যপ্ৰাণীকেইটা সীমান্তৰ সিপাৰৰ ম্যানমাৰৰ পৰা চোৰাংকৈ লৈ অনা হৈছিল। পিছত স্পট নছেড গুয়েনন ডেব্ৰাজ্জাৰ বান্দৰৰ প্ৰজাতি কেইটা উদ্ধাৰ কৰা হয় ।
উল্লেখযোগ্য যে ডাৰ্বি চাহ বাগিচাৰ মাজত পিঞ্জৰাবদ্ধ বন্যপ্রাণী বাকচ তিনিটা প্ৰথমতে স্থানীয় লোকে দেখা পাই তৎক্ষণাৎ অৱগত কৰে বন বিভাগক ৷হপিছত বন বিভাগে আহি উদ্ধাৰ কৰে ৷ পিঞ্জৰাবদ্ধ বান্দৰবোৰক গুৱাহাটীস্থ অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব দিয়ে বন ডিএফ অ তেজছ মাৰিস্বামীয়ে ৷

Exit mobile version