Forest Bandits In West Karbi Anglong on Assam-Meghalaya Border :
অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত বনদস্যুৰ দপদপনি আৰু বনধ্বংস যজ্ঞ বন বিভাগৰ দুৰ্বলতাৰ বাবে অব্যাহত থকা বুলি শেহতীয়াকৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে অসম-মেঘালয় সীমান্তৰ মুক্ৰত যোৱা ১৭ অক্টোবৰৰ নিশা এখন কুণ্ডা ভৰ্তি ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ প্ৰায় শতাধিক খাছী লোকে হাতে-হাতে দা, যাঠি-জোং আদি লৈ বনকৰ্মীৰ লোকক আক্ৰমণৰ চেষ্টা চলাইছিল আৰু সৌভাগ্যক্ৰমে আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল কৰ্মৰত বন কৰ্মীৰ দলটো।

ইপিনে খাছী দুৰ্বৃত্ত আৰু বনদস্যুৰ ভয়ত বন কৰ্মীয়ে জব্দ কৰা কুণ্ডাভৰ্তি ট্ৰাক এৰি ঘটনাস্থলীৰ পৰা পলায় আহিবলগীয়াও হৈছিল৷ আৰু এই সমস্ত ঘটনা কেৱল খেৰণি বন বিভাগৰ বন বিষয়া মনছিং তিচ্ছ আৰু বন সুৰক্ষা বিষয়া নৱকান্ত শইকীয়াৰ অৱহেলা আৰু দুৰ্বলতাৰ বাবে হবলৈ পাইছে বুলি দুই বিষয়াক জগৰীয়া কৰি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ ছাত্ৰ নেতা প্ৰশান্ত ইংতিয়ে।
ঘটনাৰ পাছত ঘটনাস্থলীত এই পৰ্যন্ত দুই বিষয়াই শাৰীৰিকভাৱে উপস্থিত হৈ ঘটনাৰ তদন্ত নকৰাৰ কথা প্ৰকাশ কৰাৰ লগতে এওঁলোকৰ পূৰ্বৰ বন সুৰক্ষা বিষয়া বুদ্ধেশ্বৰ টেৰণ, চিকাৰী ইংহিৰ দিনত এনে ঘটনা কোনো দিনে সংঘটিত হোৱা নাছিল বুলি উল্লেখ কৰে ছাত্ৰ নেতাগৰাকীয়ে। সমান্তৰালকৈ খোদ সীমান্তত থকা বন শিবিৰৰ বিভাগীয় কৰ্মচাৰী হাঞ্চেয়েও ঘটনাৰ পাছত ঘটনাস্থলীত দুই বিষয়াই শাৰীৰিকভাৱে উপস্থিত নোহোৱাৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে উক্ত সংঘটিত এই ঘটনাৰ উচিত তদন্ত আৰু ব্যৱস্থা অতি শীঘ্ৰে লবলৈ কাৰ্বি আংলং বনবিভাগৰ উৰ্ধতন বিষয়া আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংঙক শেহতীয়াকৈ আহ্বান জনায় ছাত্ৰ নেতা প্ৰশান্ত ইংতিয়ে। লগতে সীমান্তত এটা সীমান্ত পহৰা শিবিৰ (BOP) স্থাপন কৰি সীমা সুৰক্ষা, খাছী লোকৰ আগ্ৰাসন ৰোধ কৰা আৰু সীমান্তত থকা বন শিবিৰৰ বাবে প্ৰয়োজনীয় বাহন, খোৱা পানীৰ ব্যৱস্থা, বিদ্যুৎ যোগান, পৰ্যাপ্ত বনকৰ্মী আদিৰ ব্যৱস্থা আদি কৰিবলৈ দাবী জনায় ছাত্ৰ নেতাগৰাকীয়ে।
গুৰুত্বপূৰ্ণ যে ১৭ অক্টোবৰত খাছী দুৰ্বৃত্ত আৰু বনদস্যুয়ে বন কৰ্মীক আক্ৰমণৰ চেষ্টা চলোৱা ঘটনাৰ পাছত আজিও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰাৰ বিপৰীতে ভীতিগ্ৰস্ত হৈ আছে সীমান্তত থকা বন শিবিৰৰ বনকৰ্মীসকল fore।