Chinese spy arrested : বৌদ্ধ সন্যাসীৰ ভেশত দিল্লীত বাহৰ পতা চীনা চোৰাংচোৱাক গ্ৰেপ্তাৰ

তিনি বছৰ ধৰি ভাৰতত আছিল সংগোপনে

WhatsApp Image 2022 10 22 at 14.50.27

Chinese spy arrested

Chinese spy arrested :

চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্ৰ চীনে এইবাৰ ভাৰতত সংগোপনে প্ৰৱেশ কৰাইছে বহু সংখ্যক চীনা নাগৰিক ৷ বৈধ ভিচা লৈ পৰ্যটক হিচাপে থাকি ভাৰতৰ বহু গোপন খবৰ নিজ দেশৰ চৰকাৰক যোগান অহা এজন চীনা মহিলা বৌদ্ধ ভিক্ষুক দিল্লী আৰক্ষীয়ে (Delhi Police) আটক কৰিবলৈ সক্ষম হয় ৷

বৌদ্ধ সন্যাসীৰ ভেশ লৈ বিগত তিনি বছৰে দিল্লী বিশ্ববিদ্যালয়ৰ (Delhi University) সমীপস্থ তীব্বতী শৰনাৰ্থী কলনীত বিগত তিনি বছৰে বাস কৰি আহিছিল মহিলা চোৰাংচোৱাগৰাকীয়ে ৷ গ্ৰেপ্তাৰ কৰা চীনা চোৰাংচোৱা গৰাকীৰ নাম কাই ৰুৱে ৷ আৰক্ষীয়ে তেওঁৰ পৰা উদ্ধাৰ কৰে ভুুৱা পৰিচয় পত্ৰ আৰু বহু আপত্তিজনক নথিপত্ৰ ।

দিল্লী আৰক্ষীয়ে সদৰি কৰা মতে ছদ্মবেশী মহিলা চীনা নাগৰিকগৰাকীয়ে দিল্লীৰ তিৰ্বতী কলনিৰ আাবাসৰ মাজত ডলমা লামা হিচাপে চিনাকি দিছিল। মহিলা গৰাকীয়ে ২৯১৯ ত চীনা পাছপ’ৰ্টৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰি তেতিয়াৰে পৰা দিল্লীৰ তিব্বতী শৰণাৰ্থী কলনীৰ আবাসী হিচাপে আছিল ৷

আনহাতে ধৃত মহিলা গৰাকীয়ে তেওঁ চোৰাংচোৱা নহয় বুলি জেৰাত প্ৰকাশ কৰি কয় যে চীনৰ শাসনাধিষ্ঠ চীনা কমিউনিষ্ট পাৰ্টীয়ে তেওঁক হত্যা কৰিব বিচৰাৰ বাবেই ভাৰতলৈ আহি বৌদ্ধ সন্যাসীৰ ভেশ লৈ এইদৰে আত্মগোপন কৰি আছে। কিন্ত তেওঁৰ এই স্বীকাৰোক্তিত পতিয়ন যোবা নাই দিল্লী আৰক্ষী ৷

আৰক্ষীৰ মতে তেওঁ ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বহু প্ৰমাণ আছে আৰক্ষীৰ হাতত ৷ মহিলা গৰাকীয়ে আনকি নিজৰ পৰিচয় সলনি কৰি নেপালৰ নাগৰিকৰ প্ৰমাণপত্ৰ থকা বহু নথি দাখিল কৰিছিল ৷আৰক্ষীয়ে সমস্ত ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

মনকৰিবলগীয়া যে বিগত বছৰত পশ্চিমবংগৰ মালদাৰ পৰা হান জুনেই নামৰ এজন চীনা চোৰাংচোৱাক বিশ সুত্ৰৰ পম খেদি কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

Exit mobile version