Subansiri Power Project :  স্থানীয় শ্ৰমিকক আঁতৰাই বহিৰাগতক বৰপিৰা

এন এইছ পি চিত শ্ৰমিক বিদ্ৰোহ

WhatsApp Image 2022 10 26 at 19.37.06

Subansiri Power Project :

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কঁপিল প্ৰতিবাদত । পেটেল কোম্পানীৰ বিৰুদ্ধে এই প্ৰতিবাদ শ্ৰমিকসকলৰ ৷ গেৰুকামুখলৈ যোৱা মূল পথত উত্তাল প্ৰতিবাদ শ্ৰমিকসকলৰ, তেওঁলোকক কোম্পানীৰ পৰা উলিয়াই দিয়াক লৈ এই প্ৰতিবাদ ৷

উল্লেখ্য যে এন এইছ পি চিয়ে বাৰে বাৰে অসম আৰু অসমীয়াক ভেঙুচালিৰে বুঢ়া আঙুলি দেখুৱাই আহিছে । বাৰে বাৰে সোৱণশিৰীপৰীয়া ৰাইজ তথা বিভিন্ন দল সংগঠনে এন এইছ পিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে যদিও প্ৰতিবাদক আওকাণ কৰি নিৰ্মাণ কৰি আছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ৷

পুনৰবাৰ তেওঁলোকে অসমীয়া শ্ৰমিকৰ মূৰত মধমাৰ সোধাই কামৰ পৰা উলিয়াই দিয়ে ১২ শতাধিক শ্ৰমিকক আৰু সেই কামত বহিঃৰাজ্যৰ পৰা অনা শ্ৰমিকক অন্তৰ্ভুক্ত কৰায়, যাৰ ফলত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে অসমৰ শ্ৰমিকসকলে ৷ শ্ৰমিকসকলৰ লগতে অভিযোগ, তেওঁলোকৰ পিএফ আদায় নিদিয়াকৈয়ে তেওঁলোকক কামৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছে ৷

তেওঁলোকৰ কাম তেওঁলোকক দিবই লাগিব, ইয়াত কোনো বহিৰাগতক কাম কৰিবলৈ দিয়া ন’হব বুলি জনায় কৰ্মবিমুখী শ্ৰমিকসকলে ৷ অন্যথা অতি ভয়ংকৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে শ্ৰমিকসকলে ৷

লগতে তেওঁলোকে জনায় যে নিজ ৰাজ্যত অৱস্থিত প্ৰকল্পত নিজ ৰাজ্যৰ শ্ৰমিকে যদি কাম নাপায় তেন্তে তেওঁলোকে কি কৰি খাব ? নে বহিঃৰাজ্যৰ শ্ৰমিকে খাব লাগে অসমৰ শ্ৰমিকে খাব নালাগে ? এইধৰণৰ প্ৰশ্ন দাঙি ধৰা পৰিলক্ষিত হৈছে এন এইছ পি চিৰ অন্তৰ্গত পেটেল কোম্পানীৰ বিৰুদ্ধে ৷

Exit mobile version