Chaygaon Protest : ছয়গাঁৱৰ ২নং ছাটাবাৰীত মৃতদেহ উদ্ধাৰ ,সুৰংগ পথৰ সমীপৰ দ খাৱৈত উপঙি থকা অৱস্থাত উদ্ধাৰ

পৰিয়ালৰ হত্যাৰ অভিযোগ ,ৰে'ল বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

WhatsApp Image 2022 10 27 at 19.53.45

Chaygaon Protest;:কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ছাটাবাৰীত আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হয়।

উত্তৰ পূৱ সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলৰ অধীনৰ কামাখ্যা যোগীঘোপা পথৰ ২নং ছাটাবাৰীত সুৰংগ পথৰ সমীপৰ দ খাৱৈত উপঙি থকা অৱস্থাত বকো আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

মৃতদেহটোৰ মুৰ আৰু মুখমণ্ডলত বিভিন্ন স্থানত আঘাত থকা দেখি পৰিয়াল তথা আত্মীয়ই এয়া এক হত্যাকাণ্ড বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ।

উল্লেখযোগ্য যে, মৃতদেহ উদ্ধাৰ হোৱা স্থানত কালি বিয়লি ৰাইজে এখন চাইকেল আৰু এটা কাপোৰ থকা বেগ উদ্ধাৰ কৰি আৰক্ষীক অৱগত কৰিছিল ।

মৃত লোকজন মৰিগাঁও জিলাৰ ধৰমতুল ডেকা গাঁৱৰ নিবাসী লক্ষী ডেকা (৩০)বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে,কোনো দুষ্কৃতিকাৰীয়ে লক্ষী ডেকাক হত্যা কৰি দ খাৱৈত পেলাই থৈছে। উল্লেখযোগ্য যে, মৃত লক্ষী ডেকা ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ এটা কোম্পানীত কৰ্মৰত আছিল ।

ছয়গাওঁ উদ্যোগিক বিকাশ কেন্দ্ৰৰ সমীপত থকা ঢেলাচৰ গাঁৱত পানী গ্ৰহণ কৰা মৃত লক্ষী ডেকাই বিগত আঢ়ৈ বছৰ ধৰি বিকাশ কেন্দ্ৰ VKC ASSAM POLYMERS ত অপাৰেটৰ হিচাবে কৰ্মৰত আছিল। ছাটাবাৰীত পত্নী আৰু সন্তানৰ সৈতে ঘৰ ভাড়া কৰি আছিল ।

পৰিয়ালৰ পৰা জনা মতে,এটা সন্তানৰ পিতৃ লক্ষী ডেকাই দেৱালী উপলক্ষে নিজ গৃহ মৰিগাঁও ধৰমতুল ডেকা গাঁৱত গৈছিল।

যোৱা ২৫অক্টোবৰ মঙ্গলবাৰে পুনৰ নিজৰ কৰ্মস্থলী লৈ উভতি আহিছিল। উক্ত দিনাখন সন্ধিয়ালৈ পৰিয়ালৰ লোকৰ সৈতে ফোনত কথা বাৰ্তা চলিছিল লক্ষী ডেকাই।

নিশাৰ ভাগত ম’বাইল চুইটচ অফ পোৱাত পত্নীৰ লগতে লক্ষী ডেকাৰ পিতৃ গৃহত হাহাকাৰ লাগে। আজি ৰাতিপুৱালৈ মোৱাইল চুইটচ অফ পাইছিল পত্নী, পত্নী গৃহৰ লগতে নিজৰ পিতৃ গৃহত ।

ইয়াৰ মাজতে কালি সন্ধিয়া ২নং ছাটাবাৰীত ৰে’ল পথৰ দাঁতিত এক ককাল পানীৰে উপচি পৰা সুৰংগ পথৰ সমীপৰ দ খাৱৈ এটাৰ পাৰত এখন চাইকেল আৰু বেগ এটা উদ্ধাৰ হৈছিল।

আজি ৰাতিপুৱা প্ৰাত: ভ্ৰমণলৈ অহা একাংশ গাঁওবাসীয়ে দ খাৱৈটোত মৃতদেহ এটা উপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ।

ৰাইজৰ প্ৰতিবাদ :
———————
বিগত দিন ধৰি উত্তৰ পূৱ সীমান্ত ৰেলৱে ৰঙিয়া সংমণ্ডলৰ অধীনৰ কামাখ্যা যোগীঘোপা পথৰ ২নং ছাটাবাৰীত সুৰংগ পথচোৱা এক ককাল পানীৰে উপচি থাকে।

এক ককাল, এক আঠু পানীৰে অহা-যোৱা কৰিব লাগে ৰাইজে। মৃতদেহটো উপঙি থকা প্ৰত্যক্ষ কৰি ক্ষোভিত একাংশ গঞাই সুৰংগ পথত ৰে’ল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে ।

“ৰে’ল বিভাগ হায় হায়”, “ৰাজ্য চৰকাৰ হায় হায়”, “অবৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰা সুৰংগ পথ আমাক নালাগে” আদি শ্লোগান দি ক্ষোভ উজাৰে। মনকৰিবলগীয়া যে,বাৰিষা খৰালী পানীৰে উপচি থাকে সুৰংগ পথ চোৱা।

বাতৰিৰ শিৰোনামা দখল কৰাৰ পাছত বিভাগীয় ভাবে পুনৰ সুৰংগ পথচোৱা কিছু পৰিমাণে মেৰামতি কৰিছিল। তৎস্বতেও এজাক বৰষুণতে পানীৰে উপচি পৰে পথচোৱা ।

মুঠতে বছৰৰ অৰ্ধেক দিন পানীত ডুব গৈ থাকে সুৰংগ পথচোৱা। অভিযোগ বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰা নাই ৰে’ল বিভাগৰ সুৰংগ পথ।

একাংশৰ মতে, সুৰংগ পথৰ সমীপত দকৈ মাটি কটাত দ খাৱৈৰ সৃষ্টি হৈছে। বিভাগীয় ভাবে দিয়া নাই কোনো সুৰক্ষা ব্যৱস্থা।

ৰে’ল আলিৰ পাৰেৰে কোনো লোকে হঠাতে পিছলি গ’লে পোনচাটেই দ খাৱৈত সোমাই পৰা সম্ভাৱনা প্ৰকট।

লক্ষী ডেকাও মৰিগাঁৱৰ পৰা উভতি আহি ৰে’ল ষ্টেচনৰ পৰা ৰে’ল পথেৰে পত্নী,সন্তানৰ কাষলৈ উভতাৰ বাটত ২নং ছাটাবাৰীৰ পিছলি পৰি দ খাৱৈত সোমাই গৈছিল।

মুঠতে বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে সুৰংগ পথ আৰু সমীপৰ খাৱৈ বৰ্তমান মৰণফাণ্ডত পৰিণত হৈছে বুলি ক্ষোভ উজাৰে।

বহু সময়ত সৰু বৰ দুৰ্ঘটনা এই ঠাইত সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে।

ঘটনাটোৱে অঞ্চলবাসী ৰাইজক ত্ৰাসিত কৰি তুলিছে। কথা হ’ল হত্যা বা পিছলি পৰি মৃত্যু মুখত পৰা দুইটা ক্ষেত্ৰতে কিন্তু বিভাগীয় ভাবে জগৰীয়া আৰোপ ক্ষোভিত ৰাইজৰ।

Exit mobile version