Veteran Assamese actor Nipon Goswami passed away : অসমীয়া চিনেমাৰ মহীৰূহ প্ৰখ্যাত অভিনেতা নিপন গোস্বামীৰ দেহাৱসান

মহানগৰীৰ নেমকেয়াৰ হস্পিতালত বৃহস্পতিবাৰে পুৱা ৯:১৫ মিনিটত অসমীয়া চিনেমাৰ মহীৰূহ স্বৰূপ প্ৰবীণ অভিনেতা গোস্বামীৰ দেহাৱসান ঘটে

Nipon Goswami

Nipon Goswami

Nipon Goswami ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব অন্ত্যেষ্টিক্রিয়া : মুখ্যমন্ত্ৰী

Veteran Assamese actor Nipon Goswami passed away on Thursday morning at Guwahati. The veteran actor had been suffering from heart related ailments for a while. However, after his condition deteriorated suddenly, he was rushed to Nemcare Hoapital  on October 24. মহানগৰীৰ নেমকেয়াৰ হস্পিতালত বৃহস্পতিবাৰে পুৱা ৯:১৫ মিনিটত অসমীয়া চিনেমাৰ মহীৰূহ স্বৰূপ প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ দেহাৱসান ঘটে ।

জনপ্ৰিয় অভিনেতা কিছুদিনৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ  হঠাতে স্বাস্থ্যৰ  অৱনতি হোৱাত ২৪ অক্টোবৰত পৰিয়ালৰলোকে ভৰ্তি কৰে নেমকেয়াৰ হাস্পতালত ৷ চিকিৎসালয়খনৰ আইচিইউত বিশেষ পৰ্যৱেক্ষণত ৰখা হৈছিল।


Veteran Assamese actor Nipon Goswami passed away on Thursday morning

বলিষ্ঠ অভিনেতা গৰাকীৰ মৃত্যুত ৰাজ্যবাসী শোকত ভাগি পৰিছে। ৮০ বছৰীয়া বৰ্ষীয়ান অভিনেতাগৰাকীৰ জন্ম হৈছিল সাংস্কৃতিক নগৰী তেজপুৰত। সকলোৰে মাজত নিপনদা ৰূপে পৰিচিত প্ৰখ্যাত অভিনেতা গৰাকীৰ বিয়োগৰ বাতৰি সদৰি হোৱাৰ লগে লগে নেমকেয়াৰ হাস্পতালত ভিৰ কৰিছে ৰাজ্যৰ অভিনয় আৰু সংগীতজগতৰ শিল্পী সকল৷

অসমীয়া ছবি জগতৰ যশস্বী অভিনেতা নিপন গোস্বামীৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ কৰে ৷ এক শোক বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়,শৈশৱতে ‘ককাদেউতা নাতি আৰু হাতী নামৰ চলচ্চিত্ৰখনত অভিনয় কৰাৰ সময়তে অসমৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ  সান্নিধ্য লাভ কৰি ধন্য হৈছিলোঁ ৷

বহুকেইখন অসমীয়া চিনেমাত অতি হৃদয়স্পৰ্শী, মননশীল চৰিত্ৰত অভিনয় কৰা নিপন গোস্বামীদেৱৰ সাংস্কৃতিক জগতলৈ অৱদান অসমীয়া জাতিয়ে কোনোদিনে পাহৰিব নোৱাৰিব  ৷

মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰেণ্য অভিনেতাগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰবীন অভিনেতা গৰাকীৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে।

Bhupen Haarika and Nipon Goswami

প্ৰসিদ্ধ অভিনেতা নিপন গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় জাহাজ,পৰ্ট আৰু আয়ুস মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷এক শোকবাৰ্তাত উল্লেখ কৰে যে , “অসমৰ সাংস্কৃতিক আকাশৰপৰা নোহোৱা হ’ল এটি উজ্জ্বল ভোটাতৰা। আমাৰ সকলোৰে প্ৰিয় নিপনদাৰ প্ৰয়াণৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছোঁ।

তাহানিতে ৰূপালী পৰ্দাত সুদৰ্শন নায়ক নিপনদা অভিনীত বহুকেইখন জনপ্ৰিয় চিনেমা চোৱাৰ সোণালী দিনবোৰ মনত পুনৰ ভাঁহি উঠিছে। ১৯৬০ দশকৰপৰা অজস্ৰ দৰ্শকৰ হৃদয়ত সাঁচ বহাই সৌ সিদিনালৈ অসমীয়া চলচ্চিত্ৰ জগতত সপ্ৰতিভ হৈ থকা নিপন গোস্বামীৰ বিয়োগ আমাৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। বিভিন্ন স্মৰণীয় চৰিত্ৰ ৰূপায়ণেৰে অভিনয়ৰ ক্ষেত্ৰলৈ তেখেতে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদান আমি শ্ৰদ্ধাৰে সুঁৱৰি যাম।

নিপনদাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধৰ দুখৰ সমভাগী হৈছোঁ বুলি প্ৰকাশ কৰে।

যশস্বী অভিনেতা , অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। এক শোকবাৰ্তাত কয় ,নিপন গোস্বামীৰ দৰে এগৰাকী ব্যতিক্ৰমী অভিনেতাৰ মৃত্যুৰ খবৰে তেওঁক অতিকে মৰ্মাহত কৰিছে। অসমীয়া চলচ্চিত্ৰক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ সংগ্ৰামত অবিৰত যুঁজ দিয়া সকলৰ মাজত অন্যতম আছিল এই নিপন গোস্বামী ।

তেখেতৰ এই মৃত্যুৱে অসমীয়া চলচ্চিত্ৰ আৰু সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক জগতখনলৈ অপূৰণীয় ক্ষতি নমাই আনিলে। “সংগ্ৰাম” ৰ পৰা “শেষ অঙ্গীকাৰ” ৰ লৈকে বহু কেইখন চলচ্চিত্ৰত বৈচিত্ৰপূৰ্ণ অভিনয়ৰ বাবে আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব নিপন গোস্বামী ।

সভাপতি শ্বৰাই তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গ আৰু গুণগ্ৰাহী সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Exit mobile version