Chintan Shivir : আইন শৃংখলা বজায় ৰখাৰ ক্ষেত্ৰত অসমৰ ৰেকৰ্ড সাম্প্ৰতিক বছৰসমূহত ‘এক্সেচেলেণ্ট’ : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

WhatsApp Image 2022 10 28 at 15.24.19

Chintan Shivir :

বিদ্ৰোহী তৎপৰতা হ্ৰাস আৰু অপৰাধৰ হাৰ কমি অহাত, আইন শৃংখলা বজায় ৰখাৰ ক্ষেত্ৰত অসমৰ ৰেকৰ্ড সাম্প্ৰতিক বছৰসমূহত ‘এক্সেচেলেণ্ট’, এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

হাৰিয়ানাৰ সুৰজকুণ্ডত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ‘আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ক চিন্তন শিবিৰ’ত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই ।

সাম্প্ৰতিক বছৰসমূহত অসমত বিদ্ৰোহ সম্পৰ্কিত কোনো বৃহৎ ঘটনা সংঘটিত হোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই কয় যে, সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (এএফ‌এছপিএ) ৰাজ্যৰ ৬৫ শতাংশ ভৌগোলিক অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই বড়ো চুক্তিৰ ‘সক্ৰিয় বাস্তৱায়ন’ আৰু আত্মসমৰ্পন কৰা কেডাৰসকলৰ পুনৰ্বাসনৰ বিষয়েও কয় ।

তেওঁ কয় যে বিগত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত ইউএলবি নামে এক জংগি সংগঠন গঠিত হৈছিল যদিও আৰক্ষীৰ সক্ৰিয় পদক্ষেপৰ বাবে এই সংগঠনৰ সকলো কেডাৰে বিগত বৰ্ষৰে ২৯ ছেপ্টেম্বৰত আত্মসমৰ্পন কৰে ।

তেওঁ লগতে কয় যে, আৰক্ষীৰ পদক্ষেপত ডিএন‌এল‌এ-ৰ মুখ্য আৰু ডেপুটি চি-ইন-চি, অন্য বড়ো জংগি সংগঠন, অন্যান্য কেডাৰসকলে আত্মসমৰ্পন কৰে ।

ৰাজ্য চৰকাৰে পাছত বিগত বছৰৰ ২০ অক্টোবৰত দলটোৰ স’তে এক যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ কৰে ।

মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই অসম আৰক্ষীৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰাৰ সময়ত, চলিত বছৰৰ মে’ত “ৰাষ্ট্ৰপতিৰ ৰং’ৰে অলংকৃত কৰা “এক গৌৰৱময় অতিত থকা বৃত্তিধাৰী আৰক্ষী বাহিনী” হিচাপে অভিহিত কৰিছে ।

মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই টুইটত লিখিছে, “হাৰিয়ানাৰ সুৰজকুণ্ডত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত ৰাজ্যৰ গৃহ মন্ত্ৰণালয়ৰ চিন্তন শিবিৰত আভ্যন্তৰীণ নিৰাপত্তা জোৰদাৰ কৰাৰ বিষয়ত মোৰ ধাৰণা শ্বেয়াৰ কৰিব পাৰি গৌৰৱান্বিত ।”

Exit mobile version