Subansiri Dam : পুনৰ খহিল সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পাহাৰ

ধেমাজিত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত জাতীয়তাবাদী যুৱ পৰিষদৰ মানৱ শৃংখল,এন এইচ পি চিৰ প্ৰতিকৃতি দাহ, পেটেলৰ শ্ৰমিকে ঘেৰাও কৰিলে এন এইচ পি চিৰ ই ডিক

Subansiri Dam :

 ধেমাজিত ৰাজপথত দাও দাওকৈ পুনৰ জ্বলিল এন এইচ পি চিৰ প্ৰতিকৃতি। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু সদৰ আঞ্চলিক সমিতিৰ সহযোগত এন এইচ পি চিৰ বিৰুদ্ধে ‘মানৱ শৃংখল’ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ।

‘এন এইচ পি চিৰ গ’বেগ, বিজেপি চৰকাৰ মিছলীয়া, জলবোমা সোৱণশিৰি প্ৰকল্প আমাক নালাগে, ৰণোজ পেগু মুৰ্দাবাদ, ভূৱন পেগু মুৰ্দাবাদ’ ধ্বনিৰে ধেমাজি সদৰত উত্তাল প্ৰতিবাদ জাতীয়তাবাদী যুৱ পৰিষদৰ। উল্লেখ্য, অৰুণাচল প্ৰদেশত এজাক বৰষুণত পুনৰ খহিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাহাৰ।

প্ৰকৃতিৰ ৰোষত পুনৰ এন এইচ পি চি । ২ নং টানেলত চপৰা-চপৰে খহনীয়া অব্যাহত। শংকিত শ্ৰমিক কৰ্মচাৰী আৰু নামনি বাসী। ইফালে, এন এইচ পি চিৰ অন্তৰ্গত পেটেল ইঞ্জিনিয়াৰিং কোম্পানীৰ থলুৱা শ্ৰমিকক অব্যাহতি দিয়া খবৰে জোকাৰিছে ধেমাজি-লখিমপুৰ ।

এন এইচ পি চিৰ নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউছ নিৰ্মাণ কাৰী কোম্পানীয়ে প্ৰথমে অব্যাহতি দিলে শ্ৰমিকক। তাৰ পিছতে কোম্পানীৰ কামৰ পৰা বঞ্চিত কৰিলে স্থানীয় ঠিকাদাৰক। মজুৰি বিচাৰি হাবাথুৰি শ্ৰমিক-ঠিকাদাৰ। কতৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ। আনফালে বহিৰাগত ঠিকাদাৰ-শ্ৰমিকক কাম প্ৰদানৰ অভিযোগ ।

ভাৰতৰ বাহিৰৰ নেপালৰ পৰা শ্ৰমিক আনি কম খৰচত কাম লগোৱাৰ অভিযোগ থলুৱা শ্ৰমিকৰ। এইক্ষেত্ৰত কালি এন এইচ পি চিৰ কাৰ্যবাহী পৰিচালকক ঘেৰাও কৰে থলুৱা শ্ৰমিক-ঠিকদাৰে। মুঠৰ ওপৰত বহু চৰ্চিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰাইজৰ।

আজি এন এইচ পি চিৰ বিৰুদ্ধে প্ৰতিবাদস্থলীত ভাগ লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই কয়- ৰাইজৰ প্ৰতিবাদক গুৰুত্ব দিব নোখোজা চৰকাৰখনক ৰাইজে চিনিবলৈ সময় হ’ল। একাধিক বাৰ চৰকাৰ আৰু দল-সংগঠনৰ ঘূৰণীয়া মেজমেলৰ জৰিয়তে বিশেষজ্ঞ সমিতি গঠন কৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ।

প্ৰকল্পৰ আসোঁৱা দূৰ কৰা আৰু নামনি বাসীৰ জীৱন সম্পত্তি সুনিশ্চিত কৰাৰ পৰামৰ্শ দাঙি ধৰিছিল বিশেষজ্ঞ সমিতিয়ে। গুৰত্বপূৰ্ণ কথাটো হ’ল নিৰ্মীয়মান ২০০০ মেগৱাট ক্ষমতা সম্পন্ন জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কৰা ঠাই অৰ্থাৎ ঠুনুকা পাহাৰক লৈ আশংকা প্ৰকাশ কৰি বৃহৎ নদীবান্ধ নিৰ্মাণৰ পোষকতাৰ পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ দিছিল।

কিন্তু, কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সেই সময়ত বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ মতে কাম-কাজ বন্ধ ৰাখিছিল যদিও নদীবান্ধৰ ইচ্ছ্যু লৈ ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ অহাৰ পিছতে সদম্ভে ঘোষণা কৰিছিল নদী বান্ধ হ’ব‌ই। এয়া হৈছে বিজেপি চৰকাৰৰ গোখাট মিথ্যাচাৰ। আনকি এটা সময়ত সোৱণশিৰি প্ৰকল্পৰ বিৰোধিতা কৰা সভাত ভাগ লৈছিল তদানীন্তন ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং।

ৰণোজ পেগু, ভূৱণ পেগু, তপন গগৈ আদিৰ দৰে ৰাইজৰ প্ৰতিনিধিয়ে বিধায়ক হোৱাৰ পূৰ্বে সৰৱ আৰু উদাত্ত ভাষণৰ কৰিছিল সহজ-সৰল ৰাইজক লৈ বৃহৎ নদী বান্ধটোৰ বিৰুদ্ধে। কিন্তু এই সকল নেতাই এতিয়া ৰাজ গাদীত বহিবলৈ পাই ওলোটা কৰ মাৰিলে দিল্লী-দিছপুৰত গৈ ।

এতিয়া আন্দোলন কথাবোৰ মিছা বুলি প্ৰতীয়মান দিবলৈ গৈ নিমাত ভূমিকা পালন উল্লেখিত নেতা সকল। এই অভিযোগ কৰে জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা গৰাকী। সাহস আছে যদি ধেমাজি জিলাৰ দুই বিধায়কে বৃহৎ নদীবান্ধ নালাগে বুলি সদনত মাত দিয়ক। তেতিয়া আমিও আন্দোলন কৰিবলৈ ওলাই নাহো বুলি মত ব্যক্ত কৰে।

আন্দোলন কৰাই দল-সংগঠনৰ কাম নহয় বুলি কৈ এটোপাল তেজ থকালৈকে এন এইচ পি চিৰ নিৰ্মীয়মান জলবোমা সদৃশ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰে প্ৰতিবাদীস্থলীত। প্ৰতিবাদী সভাত জিলাৰ সভাপতি সঞ্জীৱ চেতিয়া, ত্ৰৈলোক্য তামুলী আদিয়ে অংশগ্ৰহণ কৰে।

Exit mobile version