Tuberculosis : বিগত দুবছৰত ১৪ শতাংশ বৃদ্ধি যক্ষ্মাত মৃত্যুৰ হাৰ

প্রথম চাৰিখন দেশৰ ভিতৰত ভাৰতো

1440x810 cmsv2 6f5aad8d 83ed 5b5f a3ff 0efc4eefe25f 4671450

Tuberculosis :

এক দশকৰো অধিক সময় ধৰি যক্ষ্মাত আক্রান্তৰ সংখ্যা কমিছিল । কিন্তু অতিমাৰী সময়ছোৱাত পুনৰ গা কৰি উঠিছে এই মাৰণ ৰোগে । ২০২১ত যক্ষ্মাত মৃত্যু হৈছে ১৬ লাখ লোক । বৃহস্পতিবাৰে পৰিসংখ্যা প্রকাশ কৰি জনাইছে বিশ্ব স্বাস্থ্য সংস্থা হু-ৱে । সংগঠনটোৱে আৰু জনাইছে, বিগত দুবছৰত যক্ষ্মাত মৃত্যুৰ সংখ্যা ১৪ শতাংশ বাঢ়িছে ।

২০১৯ত যক্ষ্মাত মৃত্যু হৈছে ১৪ লাখ লোকৰ । ২০২০ত এই সংখ্যা বাঢ়ি হয় ১৫ লাখ । পৰৱৰ্তী বছৰত সেই সংখ্যা বাঢ়িছে এক লাখ পৰ্যন্ত । হু-ৰ মতে, ২০২০ত ক’ভিড অতিমাৰীৰ বাবে যক্ষ্মাৰোগ পিছপৰি গৈছিল । প্রয়োজনীয় সেৱা আৰু চিকিৎসাৰ পৰা বঞ্চিত হৈছে যক্ষ্মা ৰোগীসকল । ফলত মৃত্যুৰ সংখ্যা বাঢ়িছে ।

প্ৰতিবেদন অনুযায়ী, সমগ্ৰ বিশ্বত যক্ষ্মাত সৰ্বাধিক মৃত্যু হয় চাৰিখন দেশত — ভাৰত, ইন্দোনেছিয়া, ম্যানমাৰ, ফিলিপিন্সত ।

সমগ্ৰ বিশ্বৰ পৰিসংখ্যা প্রকাশ কৰি ৰাষ্ট্ৰসংঘৰ স্বাস্থ্য সংস্থাই জনাইছে, ২০০৫ৰ পৰা ২০১৯ত যক্ষ্মাত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছিল । কিন্তু ২০২০ৰ পৰা মৃত্যুৰ সংখ্যা ক্রমে বৃদ্ধি পায় ।

প্ৰতিবেদনত শংকা প্রকাশ কৰিছে, আগন্তুক দিনত ক’ভিডৰ পৰিৱর্তে বিশ্বজুৰি মৃত্যুৰ অন্যতম কাৰণ যক্ষ্মা হোৱাৰ সম্ভাৱনা আছে । শংকা যে ভিত্তিহীন নহয়, সেয়া প্ৰতিবেদন দেখিলেই বুজিব পাৰি ।

২০২১ত বিশ্বত যক্ষ্মাত আক্রান্ত হৈছে এক কোটি ছয় লাখ লোক । ২০২০ৰ তুলনাত ৪.৫ শতাংশ অধিক ।

২০২০ৰ তুলনাত ২০২১ত প্রতি এক লাখজন যক্ষ্মা আক্রান্তৰ সংখ্যাও বাঢ়িছে । ৩.৬ শতাংশ বাঢ়িছে সেই সংখ্যা ।

পূৰ্বৰ দুই দশকত প্রতি বছৰে এক লাখজন যক্ষ্মা আক্রান্তৰ সংখ্যা আগৰ বছৰৰ তুলনাত বৃদ্ধি পোৱা নাই । কিছু বছৰত বাঢ়িছিল কিন্তু, সেয়া আগৰৰ বছৰৰ তুলনাত দুই শতাংশৰ অধিক নহয় । বিশ্বত যিমান আক্রান্ত হয়, তাৰ দুই-তৃতীয়াংশই আঠখন দেশৰ বাসিন্দা । সেই আঠখন দেশ হ’ল ভাৰত, ইন্দোনেছিয়া, চীন, ফিলিপিন্স, পাকিস্তান, নাইজেৰিয়া, বাংলাদেশ, ডেমোক্রেটিক ৰিপাব্লিক অৱ কংগো ।

ব্যাকটিৰিয়াজাত ৰোগ যক্ষ্মাত ক্ষতিগ্রস্ত হয় আক্রান্তসকলৰ হাওঁফাওঁ । আক্রান্তসকলৰ কাহৰ মাধ্যমত বতাহত বেক্টেৰিয়া বৃদ্ধি পায় । ক্রমে ই অন্যক আক্রান্ত কৰে । অৱশ্যে এই ৰোগৰ চিকিৎসা সম্ভৱ ।

হু-ৰ বিশেষজ্ঞসকলৰ মতে, যুদ্ধ, বিশ্বজুৰি শক্তি আৰু খাদ্যৰ অভাৱৰ বাবে ভৱিষ্যতে যক্ষ্মা আক্রান্তৰ সংখ্যা আৰু বাঢ়িব । হু প্রধান টেডৰোছ আধানোম ঘেব্রিয়িছাছে জনাইছে, ক’ভিড অতিমাৰীৰ পৰা আমি যি শিক্ষা পাইছো, এইবাৰ সেয়া যক্ষ্মাৰ বিৰুদ্ধে যুঁজ দিয়াত ব্যৱহাৰ কৰিব লাগিব ।

Exit mobile version