Two Minutes : মাত্ৰ দুই মিনিটত টোপনি অহা কৌশল জানিবলৈ পঢ়ক – 

WhatsApp Image 2022 11 01 at 13.55.51

Two Minutes :

তীব্ৰ মানসিক চাপ, আবেগ সংক্ৰান্তীয় জটিলতা , দৈনন্দিন জীৱনৰ অসামঞ্জস্যতাৰ কাৰণে আমাৰ বেছিভাগ মানুহৰে টোপনিৰ অভাৱ হোৱা দেখা যায় । পৰিসংখ্যা অনুসৰি আমেৰিকাৰ ৭০ মিলিয়ন মানুহ টোপনি নহা ৰোগত ভুগিছে ।

আচলতে সঠিক টোপনিৰ বাবে সদায় শোৱা কোঠা ঠাণ্ডা কৰি ৰখা, অন্ধকাৰ কৰি ৰখা বা শান্ত পৰিবেশ সৃষ্টি কৰি ৰাখিব লাগে ।

আপুনি জানেনে , সেনাবাহিনীৰ জোৱানসকলে কেনেকৈ এক মিনিটত টোপনি যাব পাৰে ! কে’বাটাও শাৰীৰিক আৰু মানসিক প্ৰক্ৰিয়াৰ যোগেদি আপুনিও অতি কম সময়তে টোপনি যাব পাৰিব ।

অৱশ্যে কিছুমান লোকৰ বাবে দুই মিনিটো লাগিব পাৰে । আমি আচলতে সোনকালে টোপনি যাবলৈ কি কৰিব লাগে ?

পৰ্যায় এক :— শোৱাৰ সময়ত মুখৰ পেশী সমূহ শিথিল কৰিব লাগে । জিভা , দাঁতকে আদি কৰি সকলো অংগ শিথিল কৰিলে সহজে টোপনি অহাত সহায় হয় ।

পৰ্যায় দুই :– শৰীৰৰ কান্ধৰ পৰা তলৰ অংশ সম্পূৰ্ণৰূপে ঢিলা কৰিব লাগে । অৰ্থাৎ হাত দুখন সম্পূৰ্ণ শিথিল কৰি শুৱ

লাগে ।

 পৰ্যায় তিনি :–শ্বাস-প্ৰশ্বাসৰ গতি স্বাভাৱিক অৱস্থালৈ আনি বুকুখনো শিথিল কৰিব লাগে আৰু ভৰি দুখন উৰুৰ পৰা আঙুলিলৈকে ঢিলা কৰি দিব লাগে ।

পৰ্যায় চাৰি :– দিনটোত ঘটি যোৱা বিভিন্ন ঘটনা -পৰিঘটনা সমূহ পাহৰি মনটো পৰিষ্কাৰ কৰি ল’ব লাগে । শিথিল কৰাৰ ১০ চেকেণ্ডৰ পিছত সদায় তিনিখন ছবি কল্পনা কৰিলে আপোনাৰ মগজুৰ পৰা সকলো চিন্তা নাইকীয়া হৈ যাব তথা আন কোনো চিন্তা আপোনাৰ মনৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব ।

মনত ৰাখিব ,আপোনাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হ’ল প্ৰথম বিষয় , যি দীৰ্ঘদিন ধৰি টোপনি নাহিলে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে লগতে সঠিক টোপনিৰ অভাৱত মানুহৰ স্মৃতিশক্তি লোপ পোৱা ,ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা হ্ৰাস পোৱা , উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি পোৱা ,ওজন বৃদ্ধি আদি অনেক সমস্যাৰ সৃষ্টি কৰে ।

ইয়াৰো পৰি নিজৰ শুৱনি কোঠাতো টোপনি অহাকৈ উপযোগী কৰি ৰখাটোও প্ৰয়োজন । পৰিষ্কাৰ-পৰিচ্ছন্নতাইও টোপনি অহাত সহায় কৰে ।

Exit mobile version