Canada : কম মজুৰিত ভাৰতীয় শিক্ষাৰ্থীসকলক কামত খটুৱায়, অভিযুক্ত কানাডা

cdeaa28f 215e 4f7c 8c0b d6d0a6c64df3

Canada :

দেশৰ বাহিৰত ভাৰতীয় ছাত্র-ছাত্রীসকলৰ অন্যতম পছন্দৰ গন্তব্যস্থল কানাডা । অধিকাংশ ভাৰতীয় শিক্ষাৰ্থীয়ে এই দেশত পঢ়িবলৈ গৈ তাতেই চাকৰি কৰি নিগাজিকৈ থাকিব বিচাৰে । তাৰ এটা বৃহৎ কাৰণ কানাডাৰ উন্নতমানৰ শিক্ষাব্যৱস্থা আৰু সহজ ভিছা আৰু প্ৰব্ৰজন নীতি । কিন্তু কানাডা চৰকাৰে ভাৰতীয় ছাত্র-ছাত্রীসকলক কম মজুৰি দি শ্রমিকৰ দৰে ব্যৱহাৰ কৰিছে বুলি এক প্ৰতিবেদনত দাবী কৰা হৈছে ।

এক প্রথম শাৰীৰ আমেৰিকান সংবাদমাধ্যমে তেওঁলোকৰ এই প্ৰতিবেদনত দাবী কৰিছে, ছেপ্টেম্বৰৰ পৰা কানাডাত শ্রমিকৰ নাটনি ভয়াৱহ হৈছিল । সেই নাটনি পূৰণ কৰিবলৈ সাময়িক সময়ৰ বাবে নতুন কর্মনীতিৰ কথা ঘোষণা কৰিছিল কানাডাৰ প্ৰব্ৰজন মন্ত্রী ছন ফ্রেজাৰে । জাষ্টিন ট্রুডো চৰকাৰৰ সেই নতুন নীতিত কোৱা হৈছিল, কানাডাত বসবাসকাৰী প্ৰায় পাঁচ লাখ বিদেশী শিক্ষাৰ্থীয়ে অধিক সময় কাম কৰাৰ অনুমতি পাব । লগতে স্নাতক স্তৰ সমাপ্ত হোৱাৰ পাছত কোনো স্থায়ী চাকৰি পোৱাৰ আগতে তেওঁলোকে আৰু ১৮ মাহ কানাডাত থাকিবও পাৰিব ।

বিদেশী শিক্ষাৰ্থীসকলক কম মজুৰি দি কামত ৰখাৰ দৰে সুবিধা আছে কানাডাৰ সংস্থাবোৰৰ । ফলত দেশৰ আর্থিক বৃদ্ধিতো এই ছাত্রতছাত্রীসকলৰ অৱদান অতি গুৰুত্বপূর্ণ ।

কিন্তু বহু ক্ষেত্রতেই দেখা গৈছে, স্নাতক স্তৰৰ শিক্ষা সমাপ্ত কৰাৰ পাছত এবছৰ থাকিও স্থায়ী চাকৰি পোৱা নাই ভাৰতীয় ছাত্র-ছাত্রীসকলে । ফলত স্বাস্থ্যসহ নানা সুযোগ-সুবিধাৰ পৰা বঞ্চিত হৈছে তেওঁলোক । বহু ক্ষেত্রত তেওঁলোকৰ কানাডাত থকাৰ অনুমতিও কাঢ়ি লোৱা হৈছে ।

বর্তমান প্রায় ১.৮৩ লাখ ভাৰতীয় শিক্ষাৰ্থী আছে কানাডাত । ক’ভিডকালত নানা বিধি-নিষেধৰ বাবে এই সংখ্যা কমিলেও চলিত বছৰৰ পৰা বিপুল সংখ্যক ছাত্র-ছাত্রী পুনৰ ভাৰতৰ পৰা কানাডাত পঢ়িবলৈ যায় ।

টৰন্ট’ৰ কাষত এটা প্রতিষ্ঠানত অধ্যয়নৰত ডেনিয়েল ডিছুজা নামে এজন ছাত্রই কয়, ‘‘সঞ্চয়ৰ ধন খৰচ কৰি বহি বহি খাবলগীয়া হৈছে এতিয়া । বিদেশী ছাত্র-ছাত্রীসকলক কানাডা চৰকাৰে কেৱল সস্তীয়া শ্রমিকৰূপে ব্যৱহাৰ কৰিব নোৱাৰে । তেওঁলোকক স্থায়ী কাম কৰিবলৈ উৎসাহিত কৰা উচিত ।’’

অৱশ্যে এয়া কেৱল ভাৰতীয় ছাত্র-ছাত্রীসকলৰ ক্ষেত্রত প্রযোজ্য, তেনে নহয় । কানাডাত পঢ়িবলৈ অহা অন্য দেশৰ শিক্ষাৰ্থীসকলেও একেই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বুলিও অভিযোগ ।

Exit mobile version