Akhil Gogoi :
চুপ্ৰাভেন্ট্ৰিকুলাৰ টেকিকাৰডিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অস্ত্ৰোপচাৰ আজি বাংগালুৰুৰ নাৰায়ণা হেলথ চিটি হাস্পতালত সফলতাৰে সম্পন্ন হয় ৷
দেশৰ আগশাৰীৰ চিকিৎসলয়ত চিকিৎসাধীন হৈ থকা বিধায়ক জনক ডাঃ শ্ৰেচা শংকৰ মাইয়া আৰু ডাঃ কপিল কুমাৱটৰ নেতৃত্বত চিকিৎসকৰ দলে অস্ত্ৰোপচাৰ কৰিছিল । অস্ত্ৰোপচাৰ সম্পন্নৰ পিছতে গগৈক বিশেষ পৰ্যবেক্ষণৰ বাবে চি চি ইউত ৰখা হৈছে ।
ADVERTISEMENT
চিকিৎসালয় খনৰ অধীক্ষকে সদৰি কৰা মতে অখিল গগৈ সম্প্ৰতি বিপদমুক্ত ৷ কিছুদিন চিকিৎসালয়ত থকাৰ পিছতে তেওঁ ৰিলিজ কৰি দিয়া হ’ব ৷