Pakistan : কাৰ ষড়যন্ত্ৰত ইমৰানৰ ওপৰত আক্ৰমণ হৈছিল ? বিচাৰবিভাগীয় তদন্ত বিচাৰিলে পাক প্ৰধানমন্ত্ৰী শ্বেহবাজে

Imran 1

Pakistan :

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ওপৰত কোনে গুলীচালনা কৰিছিল ? কোনে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ? তাক লৈ বিচাৰবিভাগীৰ তদন্তৰ পক্ষে প্ৰশ্ন কৰিলে পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে । বিৰোধী নেতাৰ ওপৰত গুলি চলাৰ ঘটনাৰ তদন্তত আদালতৰ হস্তক্ষেপ বিচাৰিছে ।

চিকিৎসালয়ত বহি জাতিৰ উদেশ্য ভাষণত ইমৰানে জনাইছে ,”আক্ৰমণৰ এদিন আগতে, মই তথ্য পাইছিলো যে তেওঁলোকে মোক ৱাজিৰাবাদত হত্যা কৰাৰ পৰিকল্পনা কৰি আছে ।এই ষড়যন্ত্ৰৰ আঁৰত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ, অভ্যন্তৰীণ মন্ত্ৰী ছানাউল্লাহ আৰু আইএছআইৰ মেজৰ জেনেৰেল ফৈজল নাছিৰ হাত আছে। “

এই অভিযোগৰ পাছত, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত এখন সম্পূৰ্ণ আদালত আয়োগ আৰু তদন্তৰ দাবী জনাই। তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ উমাৰ অটল বান্দিয়ালক ন্যায়িক নিৰীক্ষণৰ তদন্ত কৰিবলৈ অনুৰোধ জনায়।

Exit mobile version