EWS Reservation :
উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বেঞ্চৰ ৰায়ত দেশৰ শিক্ষাপ্রতিষ্ঠানত আৰু চৰকাৰী চাকৰিত ১০ শতাংশ হাৰত সংৰক্ষণৰ সুবিধা পাব সমাজৰ দৰিদ্ৰসকলে । অর্থাৎ, আর্থিকভাৱে পিছপৰা শ্রেণী (ইডব্লিউএছ) অন্তৰ্ভুক্ত হ’লেই এই দুই ক্ষেত্রত সংৰক্ষণৰ আওতাত সোমাই পৰিব তেওঁলোক ।
অৱশ্যে প্রশ্ন উত্থাপন হৈছে, সমাজৰ সকলো দৰিদ্ৰই এই সুবিধা লাভ কৰিব নেকি ? এই ব্যৱস্থাত জাতি, বর্ণ বা সম্প্রদায়ৰ ভিত্তিত ভাগ কৰা হ’ব নেকি ? কোনসকল ইয়াৰ আওতাত আছে ? কেতিয়াৰ পৰা আৰম্ভ হ’ব ইডব্লিউএছ ? এই সংৰক্ষণ ব্যৱস্থাৰ সুবিধা পাবলৈ কি কি চর্তপূৰণ কৰিব লাগিব ?
দেশত অর্থনৈতিকভাৱে অনগ্রসৰ শ্রেণীৰ নানা বর্ণৰ লোকৰ বাবে শিক্ষা আৰু কর্মসংস্থাপনৰ ক্ষেত্রত সংৰক্ষণৰ ব্যৱস্থা আছে । যেনে, অনুসূচীত জাতি (এছটি)-ৰ ক্ষেত্রত ১৫ শতাংশ, অনুসূচীত উপজাতি (এছচি)-ৰ বাবে ৭.৫ শতাংশ আৰু অন্যান্য পিছপৰা জাতি (অ’বিচি)-য়ে পায় ২৭ শতাংশ সংৰক্ষণৰ সুবিধা । অৱশ্যে এই সন্দৰ্ভত বঞ্চনাৰ বলি হৈছে সৰৱ তথাকথিত উচ্চবর্ণৰ অথচ আর্থিকভাৱে দুর্বলসকলে । কেন্দ্রীয় চৰকাৰৰ দাবী, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ সর্বস্তৰৰ দৰিদ্রসকলৰ বাবে এই সংৰক্ষণ ব্যৱস্থা আৰম্ভ কৰা হৈছে ।
এই সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণি :
২০১৯ৰ জানুৱাৰীত তৎকালীন এনডিএ চৰকাৰৰ আমোলত এই সংৰক্ষণ ব্যৱস্থাৰ আহ্বান কৰা হৈছিল । ঘটনাচক্রে, সেই বছৰৰ এপ্রিল-মে’ত লোকসভা নির্বাচনৰ কিছু মাহ পূৰ্বে আহিছিল সেই প্রস্তাৱ । চৰকাৰৰ দাবী আছিল, সমাজৰ দৰিদ্ৰসকলৰ বাবে শিক্ষাপ্রতিষ্ঠানত আৰু চৰকাৰী চাকৰিত ১০ শতাংশ সংৰক্ষণ কৰা হ’ব । সংশ্লিষ্ট নাগৰিকৰ মাহিলী আয় আৰু ভূমিৰ পৰিমাণ, সম্পত্তিৰ পৰিমাণেই নিৰ্ধাৰণ কৰিব, তেওঁ এই সংৰক্ষণৰ আওতাত আহিব নে নাই । যদিও সমালোচকসকলৰ দাবী আছিল, ভোটবাকচৰ বাবে উচ্চবর্ণসকলক সুখী কৰিবলৈ এই ব্যৱস্থা কৰা হৈছে । কাৰণ, সেই সময়ত দলিত বা অনুসূচীত জাতি-উপজাতিৰ দৰে সমাজৰ তথাকথিত বঞ্চিতসকল ইতিমধ্যে সংৰক্ষণৰ আওতাত আছিল ।
ইডব্লিউএছ আইন :
২০১৯ৰ ১২ জানুৱাৰীত তৎকালীন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দৰ স্বাক্ষৰৰ পাছত সংবিধানৰ ১০৩তম সংশোধনী বিলখন আইনত পৰিণত হয় । এই বিলত সংবিধানত ১৫(৬) আৰু ১৬(৬) ধাৰা দুটা সংশোধন কৰি চৰকাৰপক্ষই জনায়, সমাজৰ আর্থিকভাৱে দুর্বলসকলৰ বাবে এনে সংৰক্ষণ ব্যৱস্থা কৰা হ’ল যাতে তেওঁলোকে শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত সুবিধা পায় । অৱশ্যে ইয়াৰ সুবিধা পাবলৈ হ’লে কিছু চর্তও পূৰণ কৰিব লাগিব ।
১০ শতাংশ সংৰক্ষণৰ বাবে কি কি চর্ত পূৰণ কৰা প্ৰয়োজন ?
১) এই সংৰক্ষণৰ সুবিধা পাবলৈ হ’লে সংশ্লিষ্ট নাগৰিকৰ পৰিয়ালৰ বার্ষিক আয় আঠ লাখ টকাৰ কম বা মাহে ৬৬,৫০০ টকা হ’ব লাগিব ।
২) ভূমিৰ পৰিমাণ হ’ব লাগিব পাঁচ একৰতকৈ কম ।
৩) এহেজাৰ বর্গফুটতকৈ কম ফ্লেট বা ঘৰৰ মালিক । পৌৰসভা অঞ্চলত এশ গজতকৈ কম আৰু পৌৰ অঞ্চলৰ বাহিৰত দুশ গজতকৈ কম বসতিভূমিৰ হয়।বত্বাধিকাৰী হ’লেও এই সংৰক্ষণৰ সুবিধা লাভ কৰিব ।
বিতর্ক :
এই ব্যৱস্থাক লৈ সমালোচনা, বিতর্ক কম নহয় । সংবিধানত ৫০ শতাংশতকৈ অধিক সংৰক্ষণৰ মাত্রা বৃদ্ধি কৰিব নোৱাৰিব বুলি কোৱা হৈছে । অৱশ্যে শীৰ্ষ ন্যায়ালয়ৰ এক নির্দেশ অনুযায়ী, তামিলনাডু, তেলেংগানা বা মহাৰাষ্ট্রৰ দৰে ৰাজ্যত তাতোকৈ অধিক সংৰক্ষণৰ সুবিধা আছে । শীর্ষ আদালতে জনাইছিল, গ্রহণযোগ্য ব্যাখ্যাৰ ভিত্তিত এনে কৰিব পাৰিব ৰাজ্যসমূহে । যদিও কেন্দ্রীয় স্তৰত সেই ব্যৱস্থা নাছিল ।
উল্লেখ্য যে, চৰকাৰৰ দাবী, স্বাধীনতাৰ পাছত এয়ে প্রথম আর্থিকভাৱে পিছপৰাসকলৰ বাবে সংৰক্ষণৰ সুবিধা দিয়া হ’ল । যদিও ইয়াত অনুসূচীত জাতি বা উপজাতি আৰু অন্যান্য বর্গৰ লোকসকলক অন্তৰ্ভুক্ত কৰা নাই ।
অৱশ্যে চলিত বছৰত কর্মচাৰী আৰু কর্মীবর্গ মন্ত্রণালয়ে জনাইছিল, সকলো জেনেৰেল কেটেগৰিৰ নাগৰিকেই এই সংৰক্ষণৰ সুবিধা পাব । আনকি, ৰাজ্যস্তৰত অ’বিচিসকলে চর্তপূৰণ কৰিলেও কেন্দ্রৰ এই সংৰক্ষণৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । অৱশ্যে এছচি, এছটি-সকলে সেই সুবিধা নাপাব ।
মোদী চৰকাৰৰ দাবী আছিল, যে সমস্ত নাগৰিকে এবেলাৰ খাদ্য যোগাৰ কৰিবলৈ অপাৰগ, তেওঁলোকৰ বাবে ইডব্লিউএছ-ৰ ব্যৱস্থা কৰা হৈছে । যাতে কোনো ব্যক্তি ক্ষুধাত নাথাকে । অথবা যিসকলে পঁজাত থাকে বা কর্মহীন, তেওঁলোকেও যাতে সন্মান সহকাৰে চাকৰি-বাকৰি কৰিব পাৰে ।