Income Tax Department : ঝাড়খণ্ডৰ দুই কংগ্ৰেছ বিধায়ক ঘনিষ্ঠৰ বাসগৃহত তালাচী অভিযান

WhatsApp Image 2022 11 08 at 20.23.44

Income Tax Department :

ঝাড়খণ্ডৰ (Jharkhand) দুই বিধায়কৰ হিচাপ বহির্ভূত প্রায় এশ কোটি টকাৰ লেনদেনৰ তথ্য পালে আয়কৰ বিভাগে । কেৱল বিধায়কে (Congress MLA) নহয়, তেওঁলোকৰ ঘনিষ্ঠ সহযোগীসকলৰ বাসগৃহতো তালাচী চলোৱা হৈছে ।

এই লেনদেনৰ স’তে কয়লা আৰু লোহাৰ খনিৰ সংযোগ আছে বুলি অনুমান কৰা হৈছে । বিগত এসপ্তাহ ধৰি প্রায় ৫০টা স্থানত তালাচী অভিযান চলোৱা হৈছে ।

আয়কৰ দপ্তৰৰ তৰফৰ পৰা এটা বিবৃতি দি কোৱা হৈছে, কুমাৰ জয়মংগল আৰু প্রদীপ যাদৱ নামে দুই কংগ্রেছ বিধায়কৰ বাসগৃহত তালাচী চলোৱা হৈছে । যোৱা চাৰি নৱেম্বৰৰ পৰা মুঠ চাৰিখন ৰাজ্যত এই বিধায়কসকলৰ বিৰুদ্ধে তালাচী আৰম্ভ হয় । ঝাড়খণ্ড, বিহাৰ, হাৰিয়ানা আৰু পশ্চিমবংগ – এই চাৰিখন ৰাজ্যত তালাচী চলাই বিপুল আর্থিক লেনদেনৰ বিষয়টো জানিব পৰা যায় ।

অৱশ্যে তালাচীৰ বিষয়টো স্বীকাৰ কৰিছে জয়মংগলে । আয়কৰ বিভাগৰ স’তে সহযোগিতা কৰা হৈছে বুলিও দাবী কৰিছে তেওঁ ।

এই বিবৃতিত আৰু কোৱা হৈছে, কয়লা আৰু লোহাৰ ব্যৱসায়ৰ স’তে জড়িত কিছুসংখ্যক ব্যৱসায়ীৰ বিৰুদ্ধে তালাচী আৰম্ভ কৰা হৈছিল । তাৰ পৰাই দুই কংগ্রেছ বিধায়কৰ নাম উত্থাপন হয় । ইতিমধ্যে দুই কোটি টকা জব্দ কৰা হৈছে ।

আকৌ এশ কোটি টকাৰ লেনদেনৰ বিষয়ে জানিব পৰা গৈছে আৰু একাধিক নথিপত্র বাজেয়াপ্ত কৰা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, স্থাৱয সম্পত্তিত বিনিয়োগ কৰিছিল এই দুই বিধায়কে । কিন্তু সেই সম্পত্তিৰ সকলো তথ্য পোৱা নাই ।

ঝাড়খণ্ডৰ চৰকাৰত জেএমএমৰ সহযোগী দল কংগ্রেছ । কেন্দ্রীয় সংস্থাসমূহৰ সহায়ত চৰকাৰ ভংগ কৰাৰ চেষ্টা কৰিছে বিজেপি-য়ে বুলি কিছুদিন পূৰ্বে অভিযোগ উত্থাপন কৰিছিল ঝাড়খণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে ।

এই তালাচী অভিযানৰ পাছত একেই কথা কৈছে ঝাড়খণ্ড কংগ্রেছৰ মুখপাত্র ৱাজীৱ ৰঞ্জনে । তেওঁৰ মতে, অনা-বিজেপি ৰাজ্যসমূহত চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্র চলিছে । সেয়ে এই তালাচী অভিযান

প্রসংগত, যোৱা আগষ্টত তিনি কংগ্রেছ বিধায়কৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছিল জয়মংগলে । তেওঁলোকে চৰকাৰ ভংগ কৰাৰ ষড়যন্ত্র কৰিছে বুলি অভিযোগ উত্থাপিত হৈছিল । পাছত অৱশ্যে পশ্চিমবংগত ধৰা পৰে এই তিনি কংগ্রেছ বিধায়ক ।

Exit mobile version