Transgender : তৃতীয় লিংগৰ বাবে সংৰক্ষণ উপ-পৰিদৰ্শক পদত, নির্দেশ ট্রাইব্যুনেলৰ

WhatsApp Image 2022 11 08 at 20.46.35

Transgender :

এতিয়াৰে পৰা মহাৰাষ্ট্রত উপ-পৰিদৰ্শক পদত নিয়োগৰ ক্ষেত্রত তৃতীয় লিংগসকলৰ বাবে সংৰক্ষণ ৰখা বাঞ্ছনীয় । অন্তত এটা পদ । জনালে মহাৰাষ্ট্র এডমিনিষ্ট্ৰেটিভ ট্রাইব্যুনেলে (এমএটি) ।

এমএটিৰ প্ৰধান অৱসৰপ্রাপ্ত ন্যায়াধীশ মৃদুলা ভাটকৰে জনাইছে, উচ্চতম ন্যায়ালয়ৰ ২০১৪ৰ ৰায়মৰ্মে মহাৰাষ্ট্র চৰকাৰে এই সংৰক্ষণ কার্যকৰ কৰিব‌ই লাগিব । শীর্ষ আদালতৰ এই ৰায়ত কোৱা হৈছিল, সকলো ৰাজ্য‌ই চৰকাৰী চাকৰিত তৃচীয়লিংগসকলৰ বাবে সংৰক্ষণ ৰাখিব লাগিব ।

বিনায়ক কাছিদ নামে এগৰাকী তৃতীয় লিংগৰ পিটিছনৰ ভিত্তিত এই ৰায় দিছে এমএটি-য়ে । ২০২২ৰ জুনত আঠশ উপ-পৰিদৰ্শক পদত নিয়োগৰ বিজ্ঞাপন দিছিল মহাৰাষ্ট্র পাবলিক ছাৰ্ভিছ আয়োগে ।

এই পদৰ বাবে মহিলা হিচাপে আবেদন কৰে বিনায়কে । যদিও জন্মসূত্রে তেওঁ পুৰুষ আছিল । পাছত লিংগ পৰিৱর্তন কৰে । চাকৰিত আবেদন কৰি তেওঁ সংৰক্ষণৰ আবেদনো জনায় ।

যোৱা আগষ্টত মহাৰাষ্ট্র চৰকাৰক শিক্ষা প্রতিষ্ঠান আৰু চৰকাৰী পদত তৃতীয়লিংগসকলৰ নিয়োগ সংক্রান্ত নীতি নির্ধাৰণৰ নির্দেশ দিয়ে ট্রাইব্যুনেলে । জনায়, ছমাহৰ ভিতৰত এই নীতি নিৰ্ধাৰণ কৰিব লাগিব ।

সোমবাৰে চৰকাৰী অধিবক্তা ট্রাইব্যুনেলত জনায় যে, তৃতীয় লিংগ সকলৰ নিয়োগ সংক্রান্ত নীতি প্ৰস্তুত সন্দৰ্ভত চিন্তা-চৰ্চা অব্যাহত আছে । তাতেই তীব্র অসন্তোষ্টি প্রকাশ কৰে ট্রাইব্যুনেলে ।

Exit mobile version