Nagaon Rakh :
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই “দশম আৰু কীৰ্তন-ঘোষা”ত লিপিবদ্ধ কৰি থৈ যোৱা “শৰত কালৰ ৰাত্ৰি অতি বিতোপন–ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন”।শৰত কালৰ পুৰ্ণিমাৰ স্নিগ্ধ জোনাকৰ পোহৰত নিশা বৃন্দাবনত শ্ৰীকৃষ্ণৰ মোহন মুৰুলি বাংশীৰ সুৰত ব্ৰজবাসী ৰাধাৰ সতে গোপীসৱে ৰাসক্ৰীড়া কৰি আছিল।
শ্ৰী কৃষ্ণৰ সতে গোপীগণৰ ৰাসক্ৰীড়া চলি থকাৰ মাজতে “শংখচুড়” নামেৰে এক অসুৰৰ প্ৰৱেশ ঘটে আৰু গোপগোপী সকলক টনা আজোৰা কৰিব ধৰিলে।শংখচুড়ৰ ভিন্ন নৃত্যভঙ্গীমাৰ তেনে কাৰ্য্য সহ্য কৰিব নোৱাৰি শ্ৰীকৃষ্ণই গোপীসৱৰ মাজতে শংখচুড় অসুৰক বধ কৰি পুনৰ কৃষ্ণই গোপীৰ সংগে নানা ভংগীমাৰে নৃত্য কৰি যায়।
কাৱৈমাৰী গাঁৱৰ বায়ন-গায়নৰ সতে সুনিত বনিয়াৰ বাংশী বাদন আৰু তুলিকা মহন্তৰ কণ্ঠেৰে নিগৰা ৰাসক্ৰীড়াৰ গীতে শ্ৰীকৃষ্ণ-ব্ৰজগোপীৰ অতুলনীয় ভিন্ন নৃত্যভঙ্গীমা লগতে শংখচুড়ৰ নৃত্যৰ মহিমাৰ দৃশ্যাৱলীৰে সমগ্ৰ অঞ্চলটোৰে উপস্থিত শ্ৰুোতা-দৰ্শকৰ হৃদয়তো উৎসৱ মুখী শুশোভিত মনোমোহা পৰিবেশ গঢ়ি তুলিবলৈ বিচৰাটো আছিল উল্লেখনীয় বিষয়।।আজিও ৯নভেম্বৰ/২২ৰ নিশা সেই একে স্থানতেই স্থানীয় শিল্পীৰ দ্বাৰা “গয়াসুৰ তীৰ্থযাত্ৰা” ভাওনা প্ৰদৰ্শিত কৰা হ’ব।।