Real Nose Grown on Arms : কৰ্কট ৰোগত হেৰুওৱা নাক ঘূৰাই পালে হাতত !

abf4cd10 f395 41a1 9b6a d200e740aec4

Real Nose Grown on Arms :

২০১৩ত নাকৰ কৰ্কট ৰোগত আক্রান্ত হয় এগৰাকী মহিলা । ৰোগ নিৰাময় হয় যদিও তাৰ প্রভাৱ ৰৈ গৈছিল শৰীৰত । কৰ্কট ৰোগৰ চিকিৎসাৰ সময়ত ঔষধৰ প্রভাৱত তেওঁৰ নাক নষ্ট হৈ যায় । কিন্তু সেই নাকেই তেওঁ ঘূৰাই পালে হাতত ! সম্প্রতি ফ্রান্সৰ এগৰাকী মহিলাৰ স’তে এই ঘটনা ঘটিছে ।

নাকৰ কৰ্কট ৰোগ ধৰা পৰাৰ পাছত ৰেডিঅ’থেৰাপি, কেম’থেৰাপিৰ দৰে চিকিৎসা পদ্ধতিৰ ব্যৱহাৰ কৰা হৈছিল তেওঁৰ ওপৰত । তেতিয়িই নাকৰ একাংশ নষ্ট হৈ যায় । নাক নোহোৱাকৈয়ে জীৱন কটাইছিল তেওঁ । কিন্তু চিকিৎসাবিজ্ঞানৰ বিপুল উন্নতিয়ে তেওঁক তেওঁৰ নাক ঘূৰাই দিলে । কেনেকৈ ?

সম্প্রতি বৈজ্ঞানিকসকলে উদ্যোগ লৈছিল মহিলাগৰাকীৰ নাক ঘূৰাই দিবৰ বাবে । তেওঁৰ কপালৰ দুই কাষৰ পৰা ছালৰ কোষ লোৱা হয় । সেই কোষ ব্যৱহাৰ কৰি থ্রিডি প্রিন্টাৰত বনোৱা হয় নাক । কিন্তু নাকটো পুষ্টিৰ বাবে ক’ত ৰখা হ’ব ?

বৈজ্ঞানিকসকলে বাছি লয়, মহিলাগৰাকীৰ এখন হাত । হাততেই ক্রমশ আকাথ পায় নাকটো । তাৰ পাছত সেই নাক প্ৰতিষ্ঠাপন কৰা হয় নাকৰ প্ৰকৃত ঠাইত ।

সমগ্ৰ প্ৰক্ৰিয়াটোত প্রায় দুমাহ সময় লাগে । নাকৰ প্রিন্ট কৰাৰ পৰা, শেষ পর্যন্ত নাকটো আকাৰ পোৱা আৰু তাক হাতৰ পৰা তুলি মুখত প্ৰতিষ্ঠাপন কৰা লৈকে এই সময় লাগিছে চিকিৎসকসকলক । বিগত ছেপ্টেম্বৰত ফ্রান্সৰ বৈজ্ঞানীকসকলে সফলভাৱে এই কাৰ্য সমাপ্ত কৰে ।

অনেকেই ধাৰণা কৰিছে বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত আগন্তক দিনত অংগ হেৰুওৱা বহু লোকে অংগ ঘূৰাই পাব ।

Exit mobile version