Both Hand Writing : এখন ব্যতিক্ৰমী বিদ্যালয় ! দুখন হাতেৰে সমানে লিখিব পাৰে এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে

1668581759 writting

Both Hand Writing :

আধুনিক যুগৰ ‘সব্যসাচী’ । এখন হাতে নহয়, লিখোঁতে দুয়োখনহাতেই সমভাৱে চলে তেওঁলোকৰ । এবাৰতে প্রথম বর্ণ সোঁ হাতে, দ্বিতীয় বর্ণ বাঁও হাতৰে লিখিব পাৰে এখন ব্যতিক্ৰমী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে । কেৱল সেয়াই নহয়, এই দক্ষতাৰ উপৰিও শিক্ষাৰ্থীসকল পাঁচটা ভাষাত পাৰদর্শী । ইয়াৰ ভিতৰত হৈছে হিন্দী, সংস্কৃত, ইংৰাজী, উর্দু আৰু স্পেনিছ ।

মধ্যপ্রদেশৰ ছিংগৰাউলি জিলাৰ বুধেলা গাঁৱৰ এখন বেচৰকাৰী বিদ্যালয়ৰ এশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে দুহাতে লিখাত সমভাৱে দক্ষ । অষ্টম শ্রেণীৰ ছাত্র পংকজ যাদৱে সংবাদমাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত কয়, “প্রথমে ম‌ই সোঁ হাতেৰেই লিখিছিলো । কিন্তু পাছত বাওঁ হাতেৰেও লিখা শিকিলো । তৃতীয় শ্রেণীত পঢ়ি থকাৰ সময়তে দুহাতে লিখা শিকিছিলো ।”

আন এজন ছাত্র আদর্শ কুমাৰে কয়, “প্রথমে সোঁ হাতে লিখা আৰম্ভ কৰিছিলো । পাছত বাওঁ হাতে লিখিবলৈ শিকিলো । লগতে পাঁচটা ভাষাও শিকিছো বিদ্যালয়ত ।”

১৯৯৯ত বুধেলা গাঁৱত এই বিদ্যালয়খন স্থাপন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষ বীৰংগদ শর্মাই কয়, “দুহাতে লিখাৰ চিন্তা আৰম্ভ হয় দেশৰ প্রাক্তন ৰাষ্ট্রপতি ডক্টৰ ৰাজেন্দ্রপ্রসাদক দৃষ্টান্তৰ আগত ৰাখি । এক অনুপ্রেৰণা হিচাপে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত লৈ অহা হৈছিল । তাৰ পৰাই এই অনুশীলন চলিছে ।” এই বিদ্যালয়ৰ পৰা এই পর্যন্ত ৪৮০ জন ঊত্তীৰ্ণ হৈছে । তেওঁলোক প্রত্যেকেই দুহাতে লিখাত পাৰ্গত । জানে পাঁচটা ভাষাও ।

বিদ্যালয় কর্তৃপক্ষৰ দাবী, প্ৰত্যেকজন শিক্ষাৰ্থীয়ে ১১ ঘণ্টাত ২৪ হেজাথ শব্দ লিখিব পাৰে । উর্দুত একৰ পৰা এশ পর্যন্ত সংখ্যা ৪৫ ছেকেণ্ডত গণনা কৰিব পাৰে । এক মিনিটত ২৫০টা শব্দ অনুবাদ কৰিব পাৰে এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ।

Exit mobile version