Golaghat : লহৰেত বন্যহস্তীৰ উপদ্ৰৱ

হাতী -গড় খেদি উজাগৰী নিশা কটাইছে লহৰেবাসীয়ে,নিৰ্বিকাৰ বনবিভাগ

WhatsApp Image 2022 11 17 at 18.16.10

Golaghat :
গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ মাজৰ লহৰে চাপৰিত যোৱা এটামাহ ধৰি এজাক বন্যহস্তী আৰু চাৰিটা গড়ৰ মুক্ত বিচৰণৰ ফলত উজাগৰি নিশা কটাব লগীয়া হৈছে লহৰেবাসীয়ে ।

উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৪০-৫০ জনীয়া হাতী জাকে নিশা হ’লেই অঞ্চলটোত কৃষকৰ শালিধান ,ৰৱিশস্য খেতি খাই গছকি অনিষ্ট সাধন কৰাৰ লগতে কেইবাঘৰ লোকৰ ভঁড়াল ঘৰ ভাঙি ধান খাই তহিলং কৰাত চিন্তিত হৈছে লহৰেবাসী ।

ইফালে স্থানীয় লোকে নুমলীগড় বন বিভাগৰ কাৰ্যালয় সৈতে হাতী জাক আৰু গড় কেইটা খেদি পঠিয়াবলৈ যোগাযোগ কৰিছে যদিও উক্ত চাপৰি এলেকাটো নুমলীগড় বন সংমণ্ডল কাৰ্যালয় অধিনৰ নহয় । এই এলেকাটো দেৰগাঁও বন সংমণ্ডল কাৰ্যালয় অধিনষ্ট বুলি নুমলীগড় বন সংমণ্ডল বিষয়া গৰাকীয়ে সদৰি কৰাৰ পাছত বিপাঙত পৰিছে কৃষিজীৱী ৰাইজ ।

কাৰণ বছৰ বছৰ ধৰি উক্ত এলেকাটো নুমলীগড় বন সংমণ্ডল কাৰ্যালয়ৰ অধীনত পৰিচালিত হৈ আছিল বুলি স্থানীয় গাঁওৰক্ষী বাহিনীৰ সদস্যই সংবাদ মাধ্যমৰ আগত সদৰি কৰে। কি কাৰণত বনসংমণ্ডল বিষয়া গৰাকীয়ে উক্ত চাপৰি এলেকাটো দেৰগাঁও বন সংমণ্ডল কাৰ্যালয় অধিনৰ বুলি ক’লে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত।

লহৰেবাসীয়ে অভিযোগ উথাপন  কৰা অনুসৰি সীমামুৰীয়া এলেকাৰ হোৱাৰ বাবে উক্ত অঞ্চলত হাতী গড় ওলালে ৰাইজৰ যথেষ্ট অনিষ্ট কৰিলেও বনবিভাগৰ কোনো লোক উপস্থিত নহয় । কেৱল মাত্ৰ নানা আজুহাত দেখুৱাই নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা আতৰি থাকে বনবিভাগৰ লোক সকল  ।

আনহাতে যোৱা কেইবাদিনো ধৰি লহৰে অঞ্চলত হাতী বৃহৎ জাকে কৃষকৰ খেতিপথাৰ অনিষ্ট সাধন কৰাৰ উপৰিও অঞ্চলটোত  চাৰিটাকৈ গড়ৰ মুক্ত বিচৰণ ফলত নিশা হ’লেই জুই লগাই টিঙ বজাই , হাতীৰ জাক খেদিবলৈ স্থানীয় ৰাইজে বিনিন্দ্ৰৰ ৰজনি কটাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ।

যাৰ বাবে বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত অঞ্চটোৰ বন বিভাগৰ সীমা নিদ্ধাৰণ কৰি দিবলৈ স্থানীয় বিধায়ক তথা কেবিনট মন্ত্ৰী অতুল বৰাক আহ্বান জনাইছে লহৰেবাসীয়ে ।

Exit mobile version