Shraddha Walkar Murder Case : শ্রদ্ধাক অর্ধেক কাটি বিয়েৰ খাইছিল আফতাবে, চাইছিল নেটফ্লিক্সৰ চিনেমাও !

WhatsApp Image 2022 11 17 at 19.18.53

Shraddha Walkar Murder Case :

প্ৰেমিকাৰ দেহ অৰ্ধেক অংশ কাটি ‘বিশ্ৰাম ‘লৈছিল দিল্লীৰ শ্ৰদ্ধা ৱালকৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আফতাব পুনাৱালাই । আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ এই কথা জনালে অভিযুক্তজনে । লগতে তেওঁ জনাই যে শ্ৰদ্ধাৰ শৰীৰটো টুকুৰা কৰি ভাগৰি পৰিছিল আফতাব। তাৰ পাছতে কিছুসময় জিৰণি লৈ তেওঁ বিয়েৰ আৰু চিগাৰেট খাই ।

আফতাবৰ বিৰুদ্ধে তেওঁৰ লিভ-ইন সঙ্গীক ৩৫ টুকুৰাত কাটি হত্যা কৰাৰ অভিযোগ উত্থাপিত হয় । আৰক্ষীয়ে দাবী কৰিছিল যে তেওঁ এইটো স্বীকাৰ কৰে । নিৰ্মম হত্যাকাণ্ডৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আফতাবক নিৰন্তৰ জেৰা চলাই আছে। আৰু তাতেই ওলাই পৰিছে নতুন তথ্য ।

আফতাবে আৰক্ষীক ভয়ংকৰ নিশাটোৰ কথাও বৰ্ণনা কৰে । আৰক্ষীয়ে জনোৱা অনুসৰি, জেৰাৰ সময়ত তেওঁ কয় যে শ্ৰদ্ধাৰ মৃতদেহ সম্পূৰ্ণৰূপে কাটিবলৈ তেওঁক প্ৰায় ১০ ঘণ্টা সময় লাগিছিল।

মাজতে ভাগৰ লাগি থকাৰ বাবে তেওঁ অলপ সময়ৰ বাবে জিৰণি লয় আৰু এটা বিয়েৰৰ লগত আফতাবে ধূমপান কৰে । কটা শৰীৰৰ অংশবোৰ পানীৰে ধুবলৈ আৰু পৰিষ্কাৰ কৰিবলৈও দীঘলীয়া সময় লাগিছিল আফতাবক ।

শ্ৰদ্ধাৰ শৰীৰটো সম্পূৰ্ণৰূপে কাটি হোৱাৰ পাছত আফতাবে অনলাইন যোগে খাদ্য অৰ্ডাৰ দিয়ে । তেওঁ সেই ৰাতি নেটফ্লিক্সত এখন চিনেমাও চাই । জেৰাৰ সময়ত আফতাবৰ বক্তব্য শুনি আৰক্ষীয়ে অনুমান কৰে যে তেওঁৰ প্ৰেমিকাক হত্যা কৰাৰ বাবে কোনো অনুশোচনা নাই ।

শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰা কৰাৰ পাছত গোটেই ফ্লেটটো তেজ হৈ পৰে । আফতাবে আৰক্ষীক জনাই যে হত্যাৰ পাছত অনলাইন অৰ্ডাৰ দি তেওঁ এটা ভেকুৱাম ক্লিনাৰ ক্ৰয় কৰে ।

ভেকুৱাম ক্লিনাৰ বাকচটো ফ্লেটৰ পৰা উদ্ধাৰ কৰা হয় । আৰক্ষীৰ মতে, আফতাবে মুখ্যতঃ তেজ পৰিষ্কাৰ কৰিবলৈ ভেকুৱাম ক্লিনাৰটো ক্ৰয় কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ১৮ মে’ৰ নিশা আফতাবে শ্ৰদ্ধাক শ্বাসৰুদ্ধ কৰি হত্যা কৰে। তাৰ পাছত , তেওঁৰ শৰীৰটো টুকুৰা টুকুৰা কৰা হয় । মুঠ ৩৫ টুকুৰা কৰাৰ পাছত, শৰীৰৰ অংশবোৰ পেকেটত মেৰিয়াই ফ্ৰিজত ৰখা হয় ।

Exit mobile version