Theft :মহানগৰীত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস !

WhatsApp Image 2022 11 17 at 21.20.50 1

Theft :

মহানগৰৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি চিলনী চোৰে ইটোৰ পিছত সিটোকৈ কৰি গৈছে নিজৰ অপৰাধমূলক কাৰ্যকলাপ ৷ কিন্ত মহানগৰ আৰক্ষী চিলনী চোৰৰ গেংক আটক কৰাত সম্পূৰ্ণ ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে ।

এইবাৰ চিলনী চোৰৰ হাতুৰা পৰিল নাৰেংগীত ৷ চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন। মহিলা এগৰাকীৰ ডিঙিৰ পৰা থপিয়াই নিয়ে সোণৰ চেইন। চিলনীৰ চোৰৰ গ্ৰাসত পৰা মহিলাগৰাকীৰ নাম মঞ্জু বৰুৱা।

অৱশ্যে এই চিলনী চোৰৰ সোনৰ চেইন লুট কৰা সকলো কমকাণ্ড বন্দী হয় চিচি টিভিত ৷ ভুক্তভোগী মহিলা গৰাকীয়ে নাৰেংগী কলংপাৰ বজাৰৰ পৰা উভতি অহা পথত বাইকত অহা দুজন দুস্কৃতিকাৰীয়ে  ডিঙিৰ পৰা কাঢ়ি নিয়ে সোনৰ চেইন ৷

ঘটনা সন্দৰ্ভত মহিলা গৰাকীয়ে ইতিমধ্যে নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি চিলনী চোৰৰ সন্ধানত অভিযান চলাইছে যদিও আটক কৰিবলৈ সক্ষম হোৱা নাই।

Exit mobile version