Terrorist Harvinder Rinda: সিদ্ধু মুছেৱালাৰ হত্যাৰ অভিযুক্ত পাকিস্তানত ৰহস্যজনক মৃত্যু , নাম আছিল NIA ‘ৰ ম’ষ্ট ৱাণ্টেডৰ তালিকাত

Moosewala

Terrorist Harvinder Rinda:

পুনৰ ৰহস্যজনক মৃত্যু এনআইআৰ ‘মোষ্ট ৱান্টেড’ তালিকাত থকা জেহাদীৰ । পাকিস্তানৰ ভূমিত মৃত্যু হৈছে খালিস্তানি সন্ত্ৰাসবাদী হৰিন্দৰ সিং ৰিন্দৰ ।

শেহতীয়াকৈ পঞ্জাৱৰ চোৰাংচোৱা কাৰ্যালয়ত হোৱা আক্ৰমণ, পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ মৃত্যুৰ দৰে একাধিক অপকৰ্মত নাম সাঙোৰ খাই আছিল হৰৱিন্দাৰ সিঙৰ।

এনআইএয়ে হৰৱিন্দাৰ বাবে ১০ লাখ টকাৰ পুৰস্কাৰো নিৰ্ধাৰণ কৰিছিল। ৰহস্যজনকভাৱে, জেহাদীজনে পাকিস্তানত মৃত্যুবৰণ কৰে।

সূত্ৰ অনুসৰি, হৰৱিন্দাৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। গেংষ্টাৰ দাবিন্দৰ ভাম্বিয়াৰ গোটে সামাজিক মাধ্যমত হত্যাৰ দায়ী স্বীকাৰ কৰিছে।

অৱশ্যে, আন এটা সূত্ৰই দাবী কৰিছিল যে ৰিন্দাৰ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল। তেওঁ যোৱা ১৫ দিন ধৰি লাহোৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁ তাত মৃত্যুবৰণ কৰিছে । এই সন্দৰ্ভত পাকিস্তানৰ পৰা এতিয়ালৈকে একো জানিব পৰা হোৱা নাই ।

হৰৱিন্দাৰ সিং ৰিন্দা পঞ্জাৱৰ তৰন তাৰণ অঞ্চলৰ বাসিন্দা। ২০০৮ চনত তেওঁ এজন চুবুৰীয়াক ব্যক্তিগত কাৰণত হত্যা কৰে আৰু তেতিয়াৰে পৰাই অপৰাধ বিয়পাবলৈ আৰম্ভ কৰে।

তেওঁ প্ৰথমবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল যেতিয়া তেওঁ চণ্ডিগড়ৰ হোচিয়াৰপুৰৰ এখন পঞ্চায়তৰ মুৰব্বী সতনাম সিঙক মুকলিকৈ হত্যা কৰে।

তাৰ পাছত, ৰিন্দৰে এটাৰ পাছত এটা অপৰাধ কৰা অব্যাহত ৰাখে । আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ পাকিস্তান জেহাদী গোট আৰু এই দেশৰ গেংষ্টাৰ সকলৰ মাজত সম্পৰ্ক বজাই ৰাখিছিল।

সীমান্তৰ সিপাৰৰ পৰা এই দেশলৈ অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী চোৰাং সৰবৰাহ কৰাৰ কাৰ্যকলাপ চম্ভালিছিল এই কুখ্যাত জেহাদীয়ে । ইয়াৰ ওপৰিও চলিত বছৰত ৰিন্দা চণ্ডিগড়ৰ আৰক্ষী চোৰাংচোৱা কাৰ্যালয়ত চালিত ৰকেট আক্ৰমণ আৰু লুধিয়ানা আদালতৰ বিস্ফোৰণৰ দৰে ঘটনাত জড়িত আছিল।

ইয়াৰ ওপৰিও মে মাহত হাৰিয়ানাৰ এখন গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক আৰু নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰা গোচৰটোত তেওঁৰ নাম অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে।

পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ গোচৰতো তেওঁৰ নাম সাঙোৰ খাই আছে । এনেধৰণৰ ৩০ টা ঘটনাত নাম উল্লেখ আছিল হৰৱিন্দাৰ ।

NIA ‘ য়েৰ ‘ম’ষ্ট ৱাণ্টেড এ প্লাছ’ শ্ৰেণীত স্থান দিয়া পাইছিল ৰিন্দাৰক। তেওঁক বিচাৰি আছিল ভাৰতীয় চোৰাংচোৱাই । ইয়াৰ মাজতে পাকিস্তানত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰে ৰিন্দাই ।

উল্লেখ্য যে জহুৰ মিস্ত্ৰী, ৰিপুদমন সিং মালিক, লাল মহম্মদৰ দৰে সন্ত্ৰাসবাদীৰ এটাৰ পাছত এটা ৰহস্যজনকভাৱে মৃত্যু হৈছে। সম্প্ৰতি তালিকাখনত নাম যোগ হৈছে হৰিন্দৰ সিং ৰিন্দাৰ ।

Exit mobile version