Vikash Giri Murder Case : ব্যৱসায়ীৰ দেহ ৮০ টুকুৰা কৰি পেলাই দিলে অৰণ্যত

তদন্তৰ শেষত কাৰণ জনালে আৰক্ষীয়ে

WhatsApp Image 2022 11 21 at 19.51.58

Vikash Giri Murder Case :

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰক্ষীয়ে বিকাশ গিৰি নামৰ এজন ব্যৱসায়ীৰ মৃতদেহ টুকুৰা টুকুৰাকৈ উদ্ধাৰ কৰে। বিকাশৰ দেহ ৮০ টুকুৰাকৈ কাটি মধ্য প্ৰদেশৰ ৰেৱা জিলাৰ দুধমতিয়া অৰণ্যত পেলাই দিয়া হৈছিল।

আৰক্ষীয়ে অৱশেষত নিৰ্মম হত্যাকাণ্ডটোৰ ৰহস্য উদ্ধাৰ কৰে । তিদন্তত বিকাশৰ বন্ধু আৰু ব্যৱসায়িক অংশীদাৰ ইউনুছ আনছাৰী আৰু তেওঁৰ পিতৃ আব্দুল মজিদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

বিকাশৰ পিতৃয়ে আৰক্ষীৰ ওচৰত নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰাৰ পাছতে বিষয়টো পোহৰলৈ আহিছিল।

বিকাশ এবছৰ ধৰি কামৰ নামত বাহিৰলৈ ওলাই যায় আৰু ঘৰলৈ ঘূৰি নাহে । অভিযুক্ত ইউনুছে আৰক্ষীক জনাই যে বিকাশৰ বিৰুদ্ধে এগৰাকী মহিলাই উৎপিড়নৰ কৰাৰ অভিযোগ দিছিল । আৰু সেইকাৰণে তেওঁক হত্যা কৰা হৈছে ।

কিন্তু ইউনুছকৰ কথা অসংগতি থকাত আৰক্ষীয়ে তেওঁক আটক কৰে। তেতিয়াৰ পৰাই জেৰা আৰম্ভ হয় ।

আৰক্ষীয়ে জনাইছে যে ইউনুছ আৰু বিশ্ব যুটীয়াভাৱে বন বিভাগত বিভিন্ন কামৰ চুক্তি লৈছিল। বিকাশে ব্যৱসায়ৰ বাবে মাজে মাজে ইউনুছৰ ঘৰলৈ গৈছিল। তেতিয়াই অভিযুক্ত ইউনুছৰ ভগ্নীয়ে নিহত ব্যৱসায়ী বিকাশৰ স’তে সম্পৰ্ক গঢ়ি তুলিছিল।

বিকাশ ইউনুছৰ তিনিগৰাকী ভগ্নী আৰু তেওঁলোকৰ এগৰাকীৰ স’তে সম্পৰ্কত আছিল। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ইউনুছ আৰু তেওঁৰ দেউতাকে কামৰ নামত বিকাশক ফোন কৰিছিল।

তাততেওঁলোকে বিকাশক চুৰিৰে হত্যা কৰে । ইয়াৰ পাছত,৮০ টুকুৰা কৰি বিকাশৰ মৃত দেহটো দুধমতিয়া অৰণ্যত পেলাই দিয়ে ।

অভিযুক্ত দুজনে তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । দীঘলীয়া তদন্তৰ পাছত ১৪ নৱেম্বৰত ইউনুছ আৰু তেওঁৰ দেউতাক আব্দুলক গ্ৰেপ্তাৰ কৰা হয়।

Exit mobile version