Himachal Pradesh : ক’ভিডৰ পাছত তিনিগুণ পৰ্যটক বৃদ্ধি পালে হিমাচল প্ৰদেশত

una

Himachal Pradesh :

অতিমাৰী কৰ’না আঁতৰি যোৱাৰ পাছত এবাৰতে তিনিগুণ পৰ্যটকৰ সংখ্যা বৃদ্ধি পালে হিমাচল প্ৰদেশত। পৰিসংখ্যা অনুসৰি, যোৱা ৩১ অক্টোবৰলৈকে ৰাজ্যখনত পৰ্যটকৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছিল।

ৰাজ্যিক পৰ্যটন বিভাগৰ তথ্যত উল্লেখ কৰা মতে, পহিলা জানুৱাৰীৰ পৰা ৩১ অক্টোবৰৰ সময়ছোৱাত হিমাচল প্রদেশ ভ্রমণ কৰিলে প্ৰায় ডেৰ কোটি পৰ্যটকে।

ইয়াৰ মাজত আছে ২৯ হেজাৰ বিদেশী পর্যটক। ২০২১ বৰ্ষত হিমাচল প্রদেশে স্বাগতম জনাইছিল ৪১ লাখ পর্যটকক। ৰাজ্যখনৰ কুলু, লাহৌল আৰু স্পিতি জিলাত পৰ্যটকৰ সৰ্বাধিক আগমন ঘটিছে। তদুপৰি ১৩,০৫৮ ফুট উচ্চতাৰ অটল টানেলৰ পৰা ৰোটাং পাছলৈকে যথেষ্ট ভিৰ কৰিছে পর্যটকে।

Exit mobile version