China : চীনৰ আইফোন কাৰখানাত উত্তপ্ত পৰিস্থিতি, কৰ্মচাৰীসকলৰ স’তে সংঘৰ্ষ নিৰাপত্তাকৰ্মীৰ

iPhone

China :

২০২০ চনৰ পৰা যুদ্ধ আৰম্ভ কৰিলেও , কৰ’না ভাইৰাছক (Coronavirus) হাতৰ মুঠিত আনিবলৈ সক্ষম হোৱা নাই চীন (China) । যোৱা তিনি সপ্তাহত চীনত আঢ়ৈ লাখৰো অধিক লোক কৰ’নাত সংক্ৰমিত হৈছে। ফলস্বৰূপে, মানুহে নিৰন্তৰ কৰ’না নিয়মৰ সন্মুখীন হ’ব লগা হৈছে । যাৰ বাবে সকলোৰে মনত তীব্ৰ অসন্তুষ্টি বৃদ্ধি পাইছে ।

এইবাৰ এই অসন্তুষ্টিৰ প্ৰতিবাদ বিয়পি পৰিছে সেই দেশৰ ঝেংঝৌ প্ৰদেশত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ আইফোন কাৰখানাত। বিক্ষোভৰ কাৰণ প্ৰকৃততে কিহৰ বাবে ? কৰ্মচাৰীসকলৰ দাবী ,কোম্পানীটোৱে পাৰিশ্ৰমিকৰ পৰা কাৰখানাৰ ভিতৰত থকালৈকে একোতে প্ৰতিশ্ৰুতি পালন কৰা নাই ।

পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে যে শ্ৰমিকসকলে নিৰাপত্তাৰক্ষীসকলৰ স’তে সংঘৰ্ষ আৰম্ভ কৰে । নিৰ্মাতা সংস্থা ফক্সকন টেকন’লজী গ্ৰুপৰ তৰফৰ পৰা আশ্বাস দিয়ে যে যিসকল শ্ৰমিকে গুচি যাব তেওঁলোকক এহেজাৰ ৪০০ ডলাৰ পৰিশোধ কৰা হ’ব ।

ভাৰতীয় মুদ্ৰাত এক লাখ ১৪ হেজাৰ ৩৫৪ টকা। বেছিভাগ প্ৰতিবাদকাৰী নতুন কৰ্মী। দুবছৰ আগতে, যেতিয়া সমগ্ৰ বিশ্ব কৰ’না মহামাৰীৰ দ্বাৰা বিধ্বস্ত হয়, চীনে দ্ৰুততাৰে সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। কিন্তু এইবাৰ পৰিস্থিতি হাতৰ পৰা ওলাই যোৱা যেন লাগিছে।

এখনৰ পাছত সিখন চহৰত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আৰু সেইকাৰণে বেইজিংত যোৱা কিছুমাহ ধৰি কঠোৰ তলাবন্ধ অব্যাহত ৰাখিছে ।

য’তেই সংক্ৰমণ বৃদ্ধি পাইছে তাতেই কঠোৰ প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে। চৰকাৰৰ এনে কঠোৰ নীতিৰ বাবে, চীনা লোকসকল শ্বাসহীন হৈ পৰিছে। ইয়াৰ প্ৰভাৱই স্থানীয় লোকসকলৰ জীৱিকাপ্ৰভাৱিত কৰিছে।

আগতে, শ্ৰমিকসকলে আইফোন কাৰখানাৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বিষয়ে অভিযোগ কৰিছিল। এইবাৰ বিতৰ্কটো আৰু ডাঙৰ হৈ পৰিছে।

Exit mobile version