Jalukbari Lachit Park : জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত

মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন

f91f8096 9e5b 4de0 a640 d7dfd33c05de

Jalukbari Lachit Park:
ৰাজ্য চৰকাৰৰ উদ্যোগত বুধবাৰৰ পৰা দেশৰ ৰাজধানী দিল্লী মহাবীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ মহাআয়োজনৰ সমান্তৰালভাৱে মহানগৰতো আজি মহাবীৰ গৰাকীৰ জয়ন্তী উপলক্ষে জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৷

কাৰ্যৰ্সূচী অনুসৰি পুৱাভাগত বীৰ লাচিতৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অর্পণ কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। অর্পণেৰে বীৰজনাৰ গৌৰৱৰ গাথাঁ সোঁৱৰিলে ৰাজ্যপাল গৰাকীয়ে।

লগতে শৰাইঘাট ৰণৰ ঐতিহ্য বহন কৰা উদ্যানখন ৰাইজৰ বাবে মুকলি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যপাল গৰাকীয়ে ৷

উল্লেখ যে, উদ্যানখনত আজি দিনটোত বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। সন্ধিয়ালৈ অনুষ্ঠিত হ’ব মুকাভিনয় ৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে সম্পন্ন হ’ব কাৰ্যসূচী।

মনকৰিবলগীয়া যে প্ৰশাসনৰ অনিহাৰ বাবেই ঐতিহ্যবহনকাৰী মহাবীৰ লাচিত বৰফুকন উদ্যান খন জৰাজীৰ্ণ হৈ পৰিছিল ৷ কিন্ত শেহতীয়াকৈ ৰাজ্য চৰকাৰে বীৰ গৰাকীৰ চাৰিশবছৰীয়া জন্মজয়ন্তী ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে উদ্যান খন নতুন ৰূপত উন্নীত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

স্থানীয় নাগৰিক সমিতিৰ সৈতে উদ্যানখনৰ পৰিচৰ্য্যাৰ ব্যৱস্থা কৰা সদৰি কৰে জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত

বি,দুৱৰাই ৷ স্থানীয় ৰাইজে শীৰ্ঘেই উদ্যান খন ৰাইজৰ বাবে মুকলি কৰাৰ বাবে আহ্বান জনায় মহানগৰ প্ৰশাসনক ৷

Exit mobile version