Iran : ভয়াৱহভাৱে মানৱাধিকাৰ উলংঘন, ৰাষ্ট্ৰসংঘৰ লক্ষ্য ইৰান চৰকাৰ

raisi uno

Iran :

ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতোল্লা আলি খোমেইনিৰ একনায়কতন্ত্রৰ বিৰুদ্ধে পথত নামিছে ইৰানৰ জনতাৰ বৃহৎ অংশ। সেই প্রতিবাদীসকলৰ ওপৰত ইৰানৰ আৰক্ষী আৰু সেনা নির্মম দমন-পীড়ন চলাইছে বুলি অভিযোগ । এই পৰিস্থিতি সন্দৰ্ভত এইবাৰ উদ্বেগ প্রকাশ কৰিলে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগে । সংস্থাৰ উচ্চায়ুক্ত ভোলকাৰ তুর্ক‌ই বৃহস্পতিবাৰে কয়, ‘‘ইৰানত যি ঘটি আছে, সেয়া সম্পূৰ্ণ মানৱাধিকাৰ সংকট ।’’

ছেপ্টেম্বৰৰ আৰম্ভণিতে হিজাব পৰিধান নকৰাকৈ ৰাজধানী তেহৰানৰ পথত ওলাই আহিছিল ২২ বছৰৰ এগৰাকী যুৱতী । ‘উচিত শিক্ষা’ দিবলৈ যুৱতীগৰাকীক আটক কৰে আৰক্ষীয়ে । থানাত ৰহস্যজনকভাৱে মৃত্যু হয় মাহশা আমিনি নামে যুৱতীগৰাকীৰ ।

ইয়াৰ পাছৰ পৰাই বিক্ষোভ আৰম্ভ হয় পশ্চিম এছিয়াৰ দেশখনৰ বিভিন্ন প্রান্তত । লগতে আৰক্ষী আৰু সেনাৰ নিৰ্যাতনো আৰম্ভ হয় । সম্প্রতি প্রকাশিত এক বাতৰিত মহিলা বিক্ষোভকাৰীসকলক কাৰাগাৰত যৌন নির্যাতনৰ অভিযোগো পোহৰলৈ আহিছে ।

অতিমাৰী, ৰাছিয়া-ইউক্রেইন যুদ্ধ, টাইৱান সংকটৰ ফলত ভূ-অর্থনীতি আৰু কৌশলগত পৰিস্থিতি যথেষ্ট সলনি হৈছে । দীর্ঘ দিন ধৰি পশ্চিমৰ অভিযোগ, লেবাননত হিজবুল্লা, গাজাত হামাছ আৰু ইৰাকত সন্ত্রাসবাদী কার্যকলাপত ইৰানৰ প্রত্যক্ষ সহযোগ আছে ।

ইয়াৰ উপৰি ইৰান ‘পৰমাণু শক্তিধৰ দেশ’ হিচাপে আত্মপ্রকাশ কৰাৰ চেষ্টাত আমেৰিকা, ব্রিটেইনসহ উন্নত দেশসমূহে ক্রমাগত বাধা দিছে ।

২০১৮ত ইৰানৰ স’তে পৰমাণু চুক্তিৰ পৰা আমেৰিকাৰ তৎকালীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে অর্থনৈতিক নিষেধাজ্ঞা জাৰি কৰিছিল তেহৰানৰ বিৰুদ্ধে । চুক্তিটো পুনৰুদ্ধাৰৰ বাবে ২০২১ৰ এপ্রিলত ভিয়েনাত যে আলোচনা আৰম্ভ হৈছিল, সেয়া তেহৰান আৰু ৱাছিংটনৰ মাজত একাধিক বিষয়ত মতপার্থক্যৰ বাবে যোৱা মার্চৰ পৰা স্থগিত আছে । এনে পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগৰ মন্তব্যক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি ইৰানৰ ওপৰত আন্তর্জাতিক বিধিনিষেধ কঠোৰ কৰা হ’ব পাৰে বুলি কূটনৈতিক মহলৰ একাংশৰ অনুমান ।

Exit mobile version