Joint pain : আঠুৰ বিষৰ পৰা কেনেকৈ মুক্তি পাব ? ত্যাগ কৰক এই চাৰিটা  অভ্যাস :–

a7baff56 3769 45cf a8c7 6e55ed0a3e05 1

Joint pain :

বৰ্তমান প্ৰায়ভাগ মানুহে আঠু বিষৰ সমস্যাত ভোগে । বিশেষকৈ কৰ্মব্যস্ত জীৱনৰ বেছিভাগ সময় লেপটপ বা কম্পিউটাৰত বহি কাম কৰিবলগীয়া হয় ।

যিটো মুখ্য কাৰণে আপোনাৰ আঠুৰ বিষ হ’ব পাৰে । পৰৱৰ্তী সময়ত এই আঠুৰ বিষৰ পৰা আপোনাৰ মাৰাত্মক বাত বিষৰ সমস্যাও আহিব পাৰে ।

বাতবিষ মানেই জীৱনজোৰা এটা যন্ত্ৰণা । গতিকে তেনে বিপদৰ পৰা মুক্ত হ’বলৈ আপুনি কেইটামান অভ্যাস ত্যাগ কৰিব লাগিব ।

১/ দীৰ্ঘ সময় ধৰি একে ঠাইতে বহি নেথাকিব :— কৰ্মব্যস্ততাৰ মাজতো কেতিয়াও একেলেথাৰিয়ে একেখন চকীত বহি নেথাকিব । বহু সময়জুৰি একে ঠাইতে বহি থাকিলে আপোনাৰ আঠুৰ বিষ হোৱাটো স্বাভাৱিক ।

২/ ওজন হ্ৰাস কৰক :- আঠুৰ বিষ থকা মানুহে কেতিয়াও ওজন বৃদ্ধি হ’বলৈ নিদিব । বৰ্ধিত ওজনে আঠুত সাংঘাতিক বেয়া প্ৰভাৱ পেলায় । নিয়মিত ব্যায়াম , পৰিমিত খাদ্য গ্ৰহণ কৰক যাতে আপোনাৰ ওজন বৃদ্ধি নহয় ।

৩/ চেপা বা টান পোচাক পৰিহাৰ কৰক :– আঠু বা গাঠিৰ বিষ থকা মানুহে কেতিয়াও চেপা বা টাইট পোচাক পৰিধান কৰিব নেলাগে । ই শৰীৰৰ তেজ চলাচলত বাধা জন্মায় । টান পোচাকে আপোনাৰ আঠুৰ বিষ আৰু বঢ়াব পাৰে ।

৪/ সুষম আহাৰ গ্ৰহণ কৰক :– আঠুৰ বিষ থকা লোকে সদায় খাদ্য তালিকাত প্ৰোটিন আৰু ফাইবাৰ জাতীয় খাদ্য ৰাখিব লাগে । সমান্তৰালকৈ চডিয়াম জাতীয় খাদ্য গ্ৰহণ কৰিব নেলাগে । যিকোনো গাঁঠিৰ বিষৰ সমস্যাৰ বাবে চডিয়ামযুক্ত আহাৰ খুবেই বেয়া ।

বি: দ্ৰ : ওপৰোক্ত তথ্যৰ উপৰিও বিষৰ সমস্যাই মৰাত্মক ৰূপ লোৱাৰ পূৰ্বেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্তই আৱশ্যক ।

Exit mobile version