Noonmati : নুনমাটিৰ ৰামসিঙ চাপৰিৰ ব্ৰহ্মপুত্ৰ নৈৰ যুৱলীত উদ্ধাৰ যুৱকৰ মৃতদেহ

death representational image 2

Noonmati :

মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত বোন্দা ৰামসিং চাপৰিত ব্ৰহ্মপুত্ৰ নৈৰ পানী যুৱলীত আজি পুৱাৰ ভাগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ADVERTISEMENT

তথ্য অনুসৰি স্থানীয় লোকৰ সহযোগত নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰা লোকজন শ্যাম সাহানি(৩৫) ।

উললেখযোগ্য যে বিহাৰৰ বাসিন্দা তথা পেছাত এগৰাকী কাঠ মিস্ত্ৰী শ্যাম সাহানিযে পাঁচ মাহ পূৰ্বে ৰামসিং চাপৰিত বাস কৰা শহুৰেকৰ ঘৰলৈ আহিছিল।

তেতিয়াৰ পৰা পত্নী আৰু দুই পুত্ৰ সহ শহুৰেকৰ ঘৰতে আছিল শ্যাম সাহানি। কালি নিশাৰ আহাৰ গ্ৰহণ কৰি প্ৰায় ১২ মান বজাত নৈৰ কাষৰ সুতিলৈ ওলাই আহিছিল শ্যাম ।তাৰ পাছৰ পৰাই নিৰুদ্দেশ হৈ আছিল লোক জন।

আজি পুৱাৰ ভাগত স্থানীয় একাংশ লোকে নৈৰ পাৰত লোকজনৰ এযোৰ চেন্ডেল পৰি থকা প্ৰত্যক্ষ কৰে।স্থানীয় লোকে নৈত পিচলি পৰাৰ সন্দেহ কৰি নিৰুদিষ্ট লোকজনৰ সন্ধান বিচাৰি কেবাখনো নাওৰে ব্ৰহ্মপুত্ৰ নৈৰ সুতিত বিচাৰিবলৈ আৰম্ভ কৰে ।

প্ৰায় ১৫-২০মিনিট মান সময় ধৰি বিচৰা পাছত নৈৰ যুবলিত পৰি থকা অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।লোকজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

ইতিমধ্যে নুনমাটি আৰক্ষীয়ে মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত স্থানীয় লোক সকলক সোধপোছ অব্যাহত ৰাখিছে৷

Exit mobile version