Entertainment : অমিতাভ-জয়াৰ সম্পত্তিৰ হিচাপ শুনিলে আপোনাৰ চকু কপালত উঠিব ! 

জানক এই যুটিৰ সম্পত্তিৰ মুঠ পৰিমাণ

article l 2020927217040761447000

Entertainment :

পাঁচ দশক পূৰ্বে বলীউডৰ ডাঙৰ পৰ্দাত একেলগে অভিনয় কৰিছিল বিগ বি অমিতাভ বচ্চন আৰু জয়া বচ্চনে । ১৯৭২ চনত মুক্তি পোৱা ‘বংশী ঔৰ বিৰজু ‘ ছবিত দুয়োজনে অনবদ্য অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল ।

অমিতাভ আৰু জয়া দু’জনেই বলীউডৰ শীৰ্ষস্থানত থকা তাৰকাৰ ভিতৰত অন্যতম । ‘চিলচিলা’, ‘শোলে’, ‘অভিমান’,ৰ পৰা আৰম্ভ কৰি ‘কভি খুচি কভি গম ‘ , প্ৰতিখন ছবিতেই এই দম্পত্তীয়ে দুৰ্দান্ত অভিনয় কৰি নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দিছিল । শেহতীয়াকৈ ‘ কি এণ্ড কা’ ছবিত দুয়ো একেলগে অভিনয় কৰে ।

অৱশ্যে ২০১৬ চনৰ পিছত দুয়োজনক একেলগে অভিনয় কৰা দেখা পোৱা হোৱা নাই । সংবাদ সংস্থাৰ খবৰ অনুসৰি , বৰ্তমান এই দুই তাৰকাৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে , তিনি হেজাৰ ৪৫৬ কোটি টকা । ২০১৮ চনত নিৰ্বাচনৰ পূৰ্বে জয়াই নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰোতে , দুয়োজনৰ মুঠ হেজাৰ কোটি টকা সম্পত্তিৰ হিচাপ দেখুৱাইছিল ।

ইয়াৰে স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫৪০ কোটি টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৪৬০ কোটি টকা বুলি দেখুওৱা হৈছিল ।
ইফালে সংবাদ মাধ্যমৰ তথ্য অনুযায়ী , অমিতাভে প্ৰতি মাহে ৩০ কোটি টকা উপাৰ্জন কৰে ।

বিপৰীতে জয়াই মাহে ৩৫ লাখ উপাৰ্জন কৰে । বিশেষকৈ ‘কৌন বনেগা কৌৰপতি ‘ অনুষ্ঠানৰ যোগেদি অমিতাভে চাৰি কোটি টকা মাননী লয় ।

একেদৰে এখন ছবিত অভিনয় কৰিলে তেওঁ ছয় কোটি টকা পাৰিশ্ৰমিক লয় । অন্য এক তথ্য অনুসৰি বিগ বিয়ে ‘ ব্ৰক্ষ্মাস্ত্ৰ’ ছবিখনত কৰা অভিনয়ৰ বাবে দহ কোটি টকা পাৰিশ্ৰমিক লৈছিল ।

মুম্বাইত ‘ জলচা’ শীৰ্ষক বাংলোৰ উপৰিও এই দম্পত্তীৰ আৰু পাঁচটা বাংলো আছে । প্ৰতিটো বাংলোৰ মূল্য প্ৰায় ৩২ কোটি টকা । আন্ধেৰীতো অমিতাভৰ এটা বিলাসবহুল ফ্লেট আছে । যিটো বৰ্তমান অভিনেত্ৰী কৃতি শ্যেননে ভাড়াত লৈ থৈছে । প্ৰতিমাহে দহ লাখ টকা ভাড়া দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

ইফালে দিল্লীৰ গুলমোহৰ পাৰ্কতো অমিতাভৰ এটা ঘৰ আছিল যিটো ২০২২ চনত ২৩ কোটি টকাত বিক্ৰী কৰে । ইয়াৰোপৰি ভূপাল , দিল্লী , গুজৰাট , পুণা আৰু মুম্বাইতো অমিতাভ-জয়াৰ বহুখিনি মাটি আছে ।

সদ্য উত্তৰপ্ৰদেশৰ দৌলতপুৰ অঞ্চলত তিনি একৰ ভূমি ক্ৰয় কৰিছে অমিতাভে । যিখিনি ভূমিৰ মূল্য প্ৰায় ৫.৭ কোটি টকা । একেদৰে লক্ষ্ণৌৰ কাকোৰি অঞ্চলত বৃহৎ ভূমিৰ মালিক জয়া । ১.২২ একৰ এই ভূমিৰ মূল্য ২.২২ কোটি টকা ।

বিদেশতো বিগ বিৰ সম্পত্তি আছে । খবৰ অনুসৰি ফ্ৰান্সৰ ব্ৰিগেনোগান-প্লেগতো ৩,১৭৫ বৰ্গমিটাৰৰ এটা বিলাসবহুল বাংলো আছে অমিতাভৰ ।

সমান্তৰালকৈ ৬২ কোটি টকা মূল্যৰ সোণৰ গহনা আছে জয়াৰ । জয়াই পিন্ধা ঘড়ীটোৰ মূল্য হ’ব ৫১ লাখ টকা । একেদৰে অমিতাভৰ সকলো ঘড়ীৰ মূল্য হ’ব প্ৰায় ৩.৪ কোটি টকা ।

Exit mobile version